Advertisment

দুৰ্ঘটনাত পতিত হৈ হাওৰাঘাটৰ যুৱকৰ অকাল মৃত্যু

উদীয়মান যুৱকজন দেৱস্থানত থকা শিৱা মেডিকেলৰ স্বত্বাধিকাৰী আছিল। তেওঁৰ মৃত্যুত অঞ্চলটোৰ তেওঁৰ বহু শুভাকাংক্ষীয়ে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

author-image
Asomiya Pratidin
New Update
sd

ডিজিটেল সংবাদ,হাওৰাঘাট: হাওৰাঘাট দেৱস্থানৰ কাজল অধিকাৰীৰ পুত্ৰ শিৱা অধিকাৰী নামৰ উদীয়মান যুৱকজন কালি শংকৰদেৱ নগৰৰ ওচৰত বাইক দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লয়। অতি অমায়িক আৰু ভদ্ৰ যুৱকজনৰ অকাল বিয়োগত হাওৰাঘাট বজাৰ আৰু দেৱস্থান বজাৰত গভীৰ শোকৰ ছাঁ পেলায়। জানিব পৰা মতে, উদীয়মান যুৱকজন দেৱস্থানত থকা শিৱা মেডিকেলৰ স্বত্বাধিকাৰী আছিল। তেওঁৰ মৃত্যুত অঞ্চলটোৰ তেওঁৰ বহু শুভাকাংক্ষীয়ে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

হাওৰাঘাট