/asomiyapratidin/media/media_files/2025/04/17/kW5eiPsJaJoWa0WqoCuB.jpg)
ডিজিটেল সংবাদ, হাউলীঃ হাউলীৰ ইতিহাস প্ৰসিদ্ধ ,সৌৰ্য্য বীৰ্য্যৰ প্ৰতীক চন্দী বৰুৱা স্মৃতি ভৱন মুকলি হোৱাৰ চাৰি বছৰৰ পিছতো উপযুক্ত তত্বাৱধান আৰু পৰিচালনাৰ অভাৱত ভৱনটো বৰ্তমানে জৰাজীৰ্ণ আৰু এক পৰিত্যক্ত ভৱনলৈ ৰূপান্তৰ হোৱাৰ দিশে গতি কৰিছে ।
অসমৰ প্ৰতিটো জাতীয় সংকটৰ সময়ত সাহসৰ প্ৰতীক ৰূপে থিয় হোৱা ,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা , সৈনিক শিল্পী ব্ৰজ নাথ শৰ্মাৰ লগতে ৰাজ্য খনৰ কেবাগৰাকীও পুৰোধা ব্যক্তিৰ বৰ্ণিল্ জীৱন গাঠাৰে উজ্জীৱিত ভৱনতোৰ শেহতীয়া পৰিবেশে সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে ।
উল্লেখযোগ্য যে ২০১৮ চনৰ ৫ ছেপ্টেম্বৰত সেই সময়ৰ মূখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা গৰাকীৰ উপস্থিতিত তদানীন্তন সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলেই আধাৰ শিলা স্থাপন কৰা আৰু ২০২০ চনৰ ১৭ নৱেম্বৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভৱনটো অতি আৰম্বৰ পূৰ্ণ ভাবে উদ্বোধন কৰিছিল।
উদ্বোধনৰৰ সময়ত ভৱন তোৰ লগত সংপৃক্ত হৈ থকা আন কেবাটাও অতি গুৰুত্ব পূৰ্ণ অংশৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ নোহোৱাত ভৱনটো পূৰ্ণাংগ ৰূপত ব্যৱ্হাৰ কৰাৰ পৰা ৰাইজ বঞ্চিত হব লগা হৈ আছে ।আনহাতে ভৱনটো জন্ম লগ্নৰে পৰা ৰাজহুৱা ভাৱে গঠন হোৱা এখন সমিতিয়ে ভৱনটো ভৱনটো পৰিচালনা কৰি আহিছিল।
কিন্তু অতি পৰিতাপৰ বিষয় যে সম্পূৰ্ণ ৰাজনৈতিক আৰু সাময়িক জনপ্ৰিয়তা অৰ্জনৰ বাবে ৰাইজৰ দ্বাৰা গঠিত সমিতিখনক নস্যাৎ কৰি বৰপেটাৰ তদানীন্তন উপায়ুক্তই নিজস্ব ভাবে অন্য এখন পৰিচালনা সমিতি গঠন কৰাৰ ফলত ভৱন তোৰ লগত জড়িত একাংশ লোক মৰ্মাহত হৈ পাৰিছিল।
এনে প্ৰেক্ষাপটত আৰু ভৱনটো সম্পূৰ্ণ ভাবে ব্যবহাৰ যোগ্য হৈ নুঠাত ভৱনটো ক্ৰমাৎ যহি খহি যাবলৈ আৰম্ভ কৰিছে ।কেৱল ৰাজনৈতিক বাধ্যবাধকতাৰ বাবে এটা অৰ্ধ নিৰ্মিত ভৱন উদ্বোধন কৰি আৰু ৰাইজৰ জনমতক উপেক্ষা কৰি এখন সৰ্বসন্মত সমিতি গঠন নোহোৱাৰ বাবে অঞ্চলটোৰ এক ঐতিহ্য আজি লুপ্ত হোৱাৰ পথত।