ডিজিটেল সংবাদ, হাউলীঃ চৰকাৰী কৰ্মসংস্থাপন বিচাৰি জীৱনৰ অমূল্য সময় নষ্ট নকৰি নিজ অধ্যবসায়, পৰিশ্ৰম আৰু একাগ্রতাৰে নিজকে গঢ় দিয়াৰ লক্ষ্য আগত ৰাখি বৃহত্তৰ হাউলী অঞ্চলত স্বাৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি এক অনন্য জীৱন সংগ্ৰামত ব্ৰতী হৈছে হাউলীৰ এগৰাজী শিক্ষিত যুৱক কল্পজিৎ দাস।
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মীৰ উমৈহতীয়া মঞ্চ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সদস্য তথা প্ৰচাৰ কোষৰ আহ্বায়ক যুগান্ত বায়নে হাউলীৰ পৰাভঁৰাল সত্ৰৰ অসম আন্দোলনৰ সক্ৰিয় পৰিয়ালৰ সদস্য, সংগ্ৰামী যুৱক কল্পজিৎ দাসে চৰকাৰী কৰ্মসংস্থাপনৰ পিছত দৌৰি সময় ব্যয় নকৰি নিজ শ্ৰমেৰে স্বাৱলম্বী হোৱাৰ বাবে দেখুওৱা কৰ্ম ব্যৱস্থাক আদৰণি জনাইছে।
প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনে "আছু"ৰ প্ৰাক্তন কৰ্মীসকলৰ লগতে নতুন প্ৰজন্মক কৰ্ম সংস্থাপন লাভৰ চৰকাৰী কৰ্মসংস্থাপনৰ বিকল্পৰ হিচাপে এক অৰ্থনৈতিক আন্দোলন গঢ়ি তোলাৰ সময়তে কল্পজিৎ দাসৰ এনে প্ৰচেষ্টাই নতুন প্ৰজন্মক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰি কয় যে, ১৯৯৯ চনতেই হাউলীৰ বি.এইচ. মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা যুৱকগৰাকীয়ে চৰকাৰী চাকৰিৰ মায়া ত্যাগ কৰি নিজৰ বুদ্ধিমত্তাৰে জীৱনটো গঢ় দিয়াৰ মানসেৰে প্ৰায় ৯ বিঘা মাটিত এটা বৃহৎ পুখুৰী গঢ়ি তুলি বিভিন্ন প্ৰজাতিৰ মাছ পোহাৰ লগতে পুখুৰীৰ কাষতেই থকা আন এখন ফাৰ্ম গঢ়ি বিভিন্ন প্ৰজাতিৰ হাঁহ, কুকুৰা, গাহৰি আদি পালন কৰি স্বাৱলম্বীতাৰ এক বিৰল নিদৰ্শন দাঙি ধৰি নিবনুৱাসকলৰ বাবে এক আদৰ্শ যুৱক হিচাপে চিহ্নিত হৈছে।
সু-সংহত পৰিকল্পনাৰে গঢ়ি তোলা এই ব্যৱস্থাৰ জৰিয়তে গ্ৰাম্যাঞ্চলত এনেই পৰি থকা বৃহৎ পৰিমাণৰ মাটিত এনে ধৰণৰ ফাৰ্ম স্থাপন কৰি কল্পজিৎ দাসে দেখুওৱা কাৰ্য্যব্যৱস্থাই ৰাজ্যখনৰ ভয়াবহ নিবনুৱা সমস্যাৰ সমাধানৰ বাবে কিছু পৰিমাণে হ'লেও এক আশাৰ পথৰ সন্ধান দিয়াৰ লগতে অসমত মাছ, কুকুৰা, গাহৰিৰ বজাৰ দখল কৰি "পথাৰ আমাৰ, বজাৰ আমাৰ" লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত এক নিশ্চিত পথৰ সন্ধান দিব।
প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনে সংগ্ৰামী যুৱক কল্পজিৎ দাসৰ এনে প্ৰচেষ্টাক সহায়, সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি এতিয়ালৈ চৰকাৰে কোনো পৃষ্ঠপোষকতা আগ নবঢ়োৱা কাৰ্য্যত উদ্বেগ প্ৰকাশ কৰি অসম চৰকাৰক এই ক্ষেত্ৰত বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।