/asomiyapratidin/media/media_files/2025/11/26/1-2025-11-26-22-02-12.jpg)
ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত বাহন চুৰি চক্ৰৰ চাৰি চোৰক গ্ৰেপ্তাৰ কৰে। ধৃত চোৰ কেইটাক মানকাচৰ থানা এলেকাৰ অধীনস্থ পিপুলবাৰী গাঁৱৰ ছাকিম আলীৰ পুত্ৰ আছাদ আলী,ছকিবৰ ৰহমানৰ পুত্ৰ মাহমাজুল হক,গফুৰ উদ্দীন সেখৰ পুত্ৰ হাছেন আলী আৰু সাদুল্ল্যাবাৰী গাঁৱৰ আব্দুল ছালামৰ পুত্ৰ লোকমান হুছেইন বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে এই ঘটনাক লৈ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাব দাসে জানিবলৈ দিয়ে- এই বাহন চুৰি চক্ৰটোৱে জিলাখনত বিগত কেইটামান মাহৰ ভিতৰত ২৮খন মহিন্দ্ৰা পিক আপ কৌশলেৰে চুৰি কৰিছে। বিশেষকৈ জিলাখনত প্ৰৱঞ্চক হিচাপে জনাজাত আছাদ আলী জিলাখনৰ বিভিন্ন এলেকাত একাংশ লোকে ক্ৰয় কৰা মহিন্দ্ৰা পিক আপ বাহন সমূহৰ মালিকৰ কাষ চাপি বিক্ৰীৰ বাবে প্ৰস্তাৱ দিয়ে। ঋণৰ জৰিয়তে ক্ৰয় কৰা পিক আপৰ মালিক কিস্তী দিব নোৱাৰা হ’লে বিক্ৰীৰ বাবে আগ্ৰহী হয়। ফলত মেঘালয়ৰ ভূৱা পৰিচয় পত্ৰ আৰু নথিপত্ৰৰ গাৰো সম্প্ৰদায়ৰ লোকক গ্ৰাহক সজাই বাহনখন ২-৩ লাখ টকাত ক্ৰয় কৰে।
ইফালে ঋণত লোৱা বাহনখনৰ বাকী থকা কিস্তিৰ ধন সেই গাৰো গ্ৰাহক জনে আদায় দিব বুলি আদালতৰ জৰিয়তে এগ্ৰিমেণ্ট কৰে। গাৰো গ্ৰাহকে বাহনখন ক্ৰয় কৰাৰ দুই-চাৰিদিনৰ ভিতৰত বাহনখন চুৰি হোৱা বুলি আৰক্ষীৰ ওচৰত গাড়ী চোৰ চক্ৰই এজাহাৰ দাখিল কৰে। চুৰি কৰা বাহন নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামত নি এককালীন ভাৱে ৭-৮ লাখ টকাত বিক্ৰী কৰে। ইফালে মাহৰ শেষত কিস্তিৰ সময় হ’লে ঋণদিয়া কোম্পানী বাহনৰ মালিকৰ কাষ চপাত বাহনখন বিক্ৰী কৰা বুলি এগ্ৰিমেণ্ট কপি দেখুৱায়। কিস্তি উঠোৱা কোম্পানীৰ কৰ্মচাৰী সেই নতুন গ্ৰাহকক বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। কিন্তু ভুৱা পৰিচয় পত্ৰৰে এগ্ৰিমেণ্ট কৰা গ্ৰাহক জনক কোম্পানীয়ে বিচাৰি নাপাই পুনৰ প্ৰকৃত মালিকৰ কাষ চাপিবলগীয়া হোৱাত ঋণ কোম্পানী আৰু গ্ৰাহকৰ মাজত বিবাদৰ সৃষ্টি হয়। এতিয়ালৈ একেধৰণে ২৮খনকৈ গাড়ী চুৰি হোৱা বুলি জিলাখনৰ বিভিন্ন থানাত এজাহাৰ দাখিল কৰা হৈছে। চুবুৰীয়া মেঘালয়তো এনে গাড়ী চুৰি হোৱা বুলি জানিব পৰা গৈছে। জিলাখনৰ পৰা অৰ্ধ শতাধিক পিক আপ এইদেৰ চুৰি হোৱা ঘটনাই জিলাখনত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে।
শেহতীয়াকৈ যোৱা শুক্ৰবাৰে নিজৰ গাড়ী নিজে সামগ্ৰী নমাই দি ভগ্নীৰ ঘৰত চাই খাবলৈ যোৱাত নিশা প্ৰায় ১০ বজাত ৰাস্তাৰ পৰা গাড়ী চুৰি হোৱা বুলি খাৰুৱাবান্ধা আৰক্ষী চকীত বাহনৰ মালিকে এজাহাৰ দাখিল কৰিছে। অসমীয়া প্ৰতিদিনত সেই চুৰিৰ ঘটনা বিস্তাৰিত ভাৱে ইতিমধ্যে প্ৰকাশ কৰিছে। সেই চুৰি হোৱা বাহনখনো মালিক হাছেন আলীয়ে নিজে বিক্ৰী কৰি চুৰি হোৱা বুলি আৰক্ষীৰ কাষ চাপিছিল। আৰক্ষীৰ প্ৰাথমিক তদন্তত এই তথ্য পোহৰলৈ অহাৰ পাচত আৰক্ষীয়ে আজি গাড়ীৰ মালিক হাছান আলীকো গ্ৰেপ্তাৰ কৰিছে। এই গাড়ী চোৰ চক্ৰটোত হাছান আলীও জৰিত হৈ গাড়ী ক্ৰয় কৰি বিক্ৰী কৰি কিস্তীৰ ধন কোম্পানীত উভতাই নিদিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইফালে ধৃত চোৰ কেইটাক খাৰুৱাবান্ধা আৰক্ষীক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা চোৰ কেইটাক কাইলৈ হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us