শিক্ষয়িত্ৰীক প্ৰাণে মৰাৰ চেষ্টা চলাই ৰঙাঘৰৰ আলহী হ'ল টেট শিক্ষক

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আন এখন এল পি স্কুলৰ এগৰাকী শিক্ষয়িত্ৰীৰ ভাৰাঘৰত সোমাই তেওঁক প্ৰাণে মৰাৰ চেষ্টা চলোৱা বুলি পংকজ শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। 

author-image
Asomiya Pratidin
New Update
পপৰ

ডিজিটেল সংবাদ,হাটশিঙিমাৰীঃ  শিক্ষয়ত্ৰীক প্ৰাণে মৰাৰ অভিযোগত আটক হ'ল মানকাচৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ১৭২৪ নং বৰাইৰ আলগা বৰ্মণপাৰা এল পি স্কুলত কৰ্মৰত পংকজ শৰ্মা নামৰ এজন টেট শিক্ষক। জানিব পৰা মতে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আন এখন এল পি স্কুলৰ এগৰাকী শিক্ষয়িত্ৰীৰ ভাৰাঘৰত সোমাই তেওঁক প্ৰাণে মৰাৰ চেষ্টা চলোৱা বুলি পংকজ শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। 

ঘটনা সন্দৰ্ভত শিক্ষয়িত্ৰী গৰাকীয়ে খাৰুৱাবান্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত খাৰুৱাবান্ধা আৰক্ষী চকীত ০৮/২০২৫ নম্বৰত পঞ্জীয়ন কৰি অভিযুক্ত শিক্ষক পংকজ শৰ্মাক কৰায়ত্ব কৰি আজি ন্যায়িক জিম্মাত প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে, শিক্ষয়িত্ৰী গৰাকীৰ অভিযোগ মতে, শিক্ষক গৰাকীয়ে কিতাপ-বহী লোৱাৰ ছলেৰে শিক্ষয়িত্ৰী গৰাকীৰ কোঠাত প্ৰৱেশ কৰি শিক্ষয়িত্ৰী গৰাকীৰ মোবাইল ফোনটো লৈ ভাঙি দিয়ে। তাৰ পাছতে শিক্ষয়িত্ৰী গৰাকীক ডিঙি চেপি প্ৰাণে মৰাৰ চেষ্টা কৰে পংকজ শৰ্মাই।

টেট শিক্ষক