/asomiyapratidin/media/media_files/2026/03/02/megkjhajajkja-2026-03-02-23-27-29.jpg)
ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত অসমৰ ব্যৱসায়ী আৰু শ্ৰমিকসকলৰ ওপৰত চলি থকা তথাকথিত “অঘোষিত নিষেধাজ্ঞা”ক লৈ সোমবাৰে হাটশিঙিমাৰীত তীব্ৰ ক্ষোভৰ বিস্ফোৰণ ঘটে। জিলা ব্যৱসায়ী আৰু মজদুৰ সন্থাৰ আহ্বানত সহস্ৰাধিক ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ্ৰমিক ৰাজপথলৈ ওলাই আহি মেঘালয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰায় দুমাহ ধৰি একাংশ দুষ্টচক্ৰই অসমৰ লোকক মেঘালয়ত ব্যৱসায় কৰিবলৈ নিদিয়া, ভয়-ভাবুকি প্ৰদান কৰা আৰু শাৰীৰিক আক্ৰমণৰ দৰে ঘটনাই সীমান্ত অঞ্চলত আতংকৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, মেঘালয় চৰকাৰে এই ঘটনাসমূহৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে নিৰৱ ভূমিকা গ্ৰহণ কৰি আছে।
সোমবাৰে দিনৰ প্ৰায় ১২.৩০ বজাত অসম-মেঘালয় সীমান্তৱৰ্তী বটেৰটল তিনি আলিৰ পৰা উলিওৱা বৃহৎ প্ৰতিবাদী সমদল হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত সমাপ্ত হয়। হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে স্পষ্ট বাৰ্তা দিয়ে যে — “অসমৰ শ্ৰমিক-ব্যৱসায়ীৰ অধিকাৰ হৰণ সহ্য কৰা নহ’ব।”
সমদলত মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামসহ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। সভাত বক্তব্য ৰাখি বিধায়কজনে কয়— “মেঘালয় চৰকাৰক বাধ্য কৰাম। অসমৰ লোকক অন্যায়ভাৱে হাৰাশাস্তি কৰা হ’লে ইয়াৰ প্ৰতিক্ৰিয়া তীব্ৰ হ’ব। বিষয়টো কেৱল দিছপুৰতে সীমাবদ্ধ নাথাকিব, প্ৰয়োজন হ’লে দিল্লীৰ লোকসভালৈ লৈ যাম।”
উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ৯ জানুৱাৰীত মেঘালয়ৰ ৰাজাবালাত এক অবৈধ শিলৰ কুৱেৰীত আচিক সংগঠনৰ এজন গাৰো সদস্যক দুস্কৃতিকাৰীৰ দল এটাই প্ৰহাৰ কৰি হত্যা কৰে। সেই ঘটনাৰ পাছতেই একাংশ দুষ্টচক্ৰই অসমৰ নিৰীহ শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক লক্ষ্য কৰি প্ৰতিকাৰমূলক কাৰ্য চলোৱা আৰম্ভ কৰে বুলি অভিযোগ। প্ৰতিবাদকাৰীসকলে কয়— কোনো ব্যক্তিগত অপৰাধৰ বাবে সম্পূৰ্ণ এখন ৰাজ্যৰ নিৰ্দোষ লোকক শাস্তি দিয়াটো গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী।
জিলা ব্যৱসায়ী আৰু মজদুৰ সন্থাৰ সম্পাদক মনিৰুজ্জামান মণিয়ে স্পষ্টকৈ কয় যে- সীমান্ত অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালৰ জীৱিকা মেঘালয়ত দৈনিক মজুৰি আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল। “যদি ৭ দিনৰ ভিতৰত মেঘালয় চৰকাৰে স্পষ্ট সিদ্ধান্ত লৈ সুৰক্ষা নিশ্চিত নকৰে, তেন্তে মেঘালয়ৰ সৈতে সম্পূৰ্ণ অসহযোগ আন্দোলন আৰম্ভ কৰা হ’ব,”- বুলি তেওঁ হুংকাৰ প্ৰদান কৰে। ৭ দিনৰ আল্টিমেটাম দি সমস্যা সমাধান কৰিবলৈ প্ৰতিবাদকাৰীসকলে আহ্বান জনায় হাটশিঙিমাৰী জিলা আয়ুক্তৰ জৰিয়তে মেঘালয় প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us