/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
ডিজিটেল সংবাদ,হাটশিঙিমাৰীঃ হাটশিঙিমাৰীত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত ফেকামাৰী প্ৰথম খণ্ড গাঁৱত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে। লগতে গ্ৰেপ্তাৰ কৰে এজন সৰবৰাহকাৰীক।
আৰক্ষীয়ে জব্দ কৰে ১১৫২ টা নিচাজাতীয় টেবলেট, ১৫ টা ইয়াবা টেবলেট, এটা স্মাৰ্ট ফোন।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গীতাৰ্থ চৌধুৰীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বৃহৎ সফলতা লাভ কৰে।
আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটোক ফেকামাৰী গাঁৱৰ আজাহাৰ আলীৰ পুত্ৰ আতাৰ চান আলী বুলি চিনাক্ত কৰিছে।