/asomiyapratidin/media/media_files/2026/01/20/whatsapp-ima-2026-01-20-12-34-15.jpeg)
ডিজিটেল ডেস্কঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ খেলপথাৰত এইবাৰ জিলাখনত কেন্দ্ৰীয় ভাৱে ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ অংশ হিচাপে ইতিমধ্যে পেৰেড অনুশীলন আৰম্ভ কৰিছে।
/asomiyapratidin/media/post_attachments/c284d03c-9e3.png)
যোৱা ১৮ জানুৱাৰীৰ পৰা মহাবিদ্যালয় খেলপথাৰত নিয়মিতভাৱে পেৰেড অনুশীলন আৰম্ভ কৰিছে। এই অনুশীলনত অসম আৰক্ষী, বেটেলিয়ান, গৃহৰক্ষী জোৱান আৰু এন চি চি কেডেটৰ লগতে বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈছে। পুৱা আৰু গধূলি দুয়ো সময়তে অনুশীলনত ব্যস্ত হৈ পৰিছে আৰক্ষী, এন চি চি কেডেটৰ লগতে বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল।
/asomiyapratidin/media/post_attachments/ffd57ec7-8e7.png)
বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা–মানকাচৰ জিলা খনত প্ৰতি বছৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়। এইবাৰো তেনেদৰেই শৃংখলাবদ্ধ আৰু সুশৃঙ্খল ভাৱে উদযাপনৰ বাবে প্ৰশাসনে সকলো ধৰণৰ প্ৰস্তুতি চলাই আছে। গণৰাজ্য দিৱস উপলক্ষে জিলাখনত ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অনুষ্ঠান সুশৃঙ্খল আৰু শান্তিপূৰ্ণ ভাৱে সম্পন্ন কৰিবলৈ প্ৰশাসন আৰু আৰক্ষী বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে।
/asomiyapratidin/media/post_attachments/7b6e7951-e29.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us