/asomiyapratidin/media/media_files/2025/10/10/dddddddddddddd-2025-10-10-00-10-37.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ৰাজ্যৰ বিভিন্ন সমষ্টিৰ লগতে আজি ১১ নং মানকাচৰ বিধানসভা সমষ্টিত সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য মেলা অনুষ্ঠিত কৰা হয়। জিলাৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত পুৱাৰে পৰা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই বৃহৎ স্বাস্থ্য শিবিৰ।
পুৱা ৰোগী, অভিভাৱক আৰু আশাকৰ্মী সকলক লৈ যোগাশন কৰাৰ পাচত দিনৰ প্ৰায় ১০ বজাত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা আৰু বিধায়ক আমিনুল ইছলাম বৃহৎ স্বাস্থ্য শিবিৰখন মুকলি কৰে। কাৰ্যসূচীত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ উপৰিও অতিৰিক্ত আয়ুক্ত আৰু কেবাগাৰকী জ্যেষ্ঠ চিকিৎসাকৰ্মী উপস্থিত আছিল। মুঠ ৫০ প্ৰকাৰৰ ৰোগ নিৰাময়ৰ বাবে ১৮ বছৰ বয়সৰ তলৰ শিশু, কিশোৰ-কিশোৰী সকলক স্বাস্থ্য পৰীক্ষা কৰা হয়।
আজি দিনজোৰা কাৰ্যসূচীৰে মানকাচৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ২৪৬৪ গৰাকী শিশু, কিশোৰ আৰু কিশোৰীৰ নাম পঞ্জীয়ন কৰা হয়। এই সকল শিশু, কিশোৰ-কিশোৰীৰ ভিতৰত ৫০১ জনক গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰাৰ বাবে চিনাক্ত কৰা হৈছে।
প্ৰথমবাৰৰ বাবে জিলাখনত স্বাস্থ্য বিভাগে জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কৰা এই বৃহৎ স্বাস্থ্য শিবিৰ কাৰ্যসূচীত সমষ্টিখনৰ বিভিন্ন এলেকাৰ পৰা ১০ সহস্ৰাধিক লোকৰ সমাগম হৈছিল। পুৱাৰে পৰা মহাবিদ্যালয় খেলপথাৰত বিভিন্ন এলেকাৰ পৰা অহা শিশু, কিশোৰ-কিশোৰীৰ লগতে অভিভাৱক সকল ভিৰ কৰা পৰিলক্ষিত হয়। মানকাচৰত অনুষ্ঠিত হোৱা বৃহৎ স্বাস্থ্য শিবিৰত ৰাইজৰ ব্যাপক সহাৰিয়ে স্বাস্থ্য বিভাগৰ এই কাৰ্যসূচী সফল ৰূপায়ন হয়।