কেন্দ্ৰীয় চৰকাৰৰ বাজেটক লৈ হাটশিঙিমাৰীত জিলা বিজেপিৰ সংবাদমেল

কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া বাজেটক লৈ শুকুৰবাৰে দক্ষিণ শালমাৰা–মানকাচৰ জিলা বিজেপিৰ কাৰ্যালয়, হাটশিঙিমাৰীত এক সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলখনত জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহা উপস্থিত থাকে

author-image
Asomiya Pratidin
New Update
HATS

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া বাজেটক লৈ শুকুৰবাৰে দক্ষিণ শালমাৰা–মানকাচৰ জিলা বিজেপিৰ কাৰ্যালয়, হাটশিঙিমাৰীত এক সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলখনত জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহা উপস্থিত থাকে। জিলা বিজেপিৰ উপসভাপতি মঞ্জিৰুল হাচানে সংবাদমেলখন সম্বোধন কৰি কেন্দ্ৰীয় চৰকাৰৰ বাজেটক উন্নয়নমুখী, জনকল্যাণমূলক আৰু ভবিষ্যৎমুখী বুলি অভিহিত কৰে।

মঞ্জিৰুল হাচানে কয় যে- এই বাজেটত কৃষক, যুৱক, মহিলা, দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ আৰ্থ-সামাজিক উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কৃষি খণ্ডৰ উন্নয়ন, শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাৰ শক্তিশালীকৰণ, গ্ৰামোন্নয়ন, পৰ্যটন বিকাশ আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যৰে এই বাজেট প্ৰস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁৰ মতে, এই বাজেটে দেশৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লগতে নিয়োগৰ নতুন সুযোগ সৃষ্টি কৰিব আৰু সাধাৰণ ৰাইজৰ জীৱন-যাপনৰ মান অধিক উন্নত কৰিব।

সংবাদমেলখনত কেন্দ্ৰীয় চৰকাৰৰ বাজেটে অসমৰ লগতে সীমান্তৱৰ্তী জিলাসমূহৰো সামগ্ৰিক বিকাশত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰা হয়। লগতে উন্নয়নমূলক আঁচনিসমূহ সঠিক ৰূপে ৰূপায়ণ হ’লে আগন্তুক দিনত ৰাইজে ইয়াৰ সুফল লাভ কৰিব বুলি মন্তব্য কৰে নেতৃবৃন্দই। লগতে সংবাদমেলখনত জিলা বিজেপিৰ উপসভাপতি মঞ্জিৰুল হাচানৰ লগতে সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি আব্দুল মোন্নাফ আহমেদ, জিলা সম্পাদক আবু সাহানুৰ ৰেজা আকন্দ আদি কেইবাজনো নেতা-কৰ্মী উপস্থিত আছিল।

হাটশিঙিমাৰী