হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত শান্তি সমিতিৰ বৈঠক

হাটশিঙিমাৰী জিলা প্ৰশাসনৰ আহ্বানত মঙলবাৰে বিয়লি ৪ বজাৰ পৰা ৫ বজালৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত শান্তি সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
mieetinggg

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ হাটশিঙিমাৰী জিলা প্ৰশাসনৰ আহ্বানত মঙলবাৰে বিয়লি ৪ বজাৰ পৰা ৫ বজালৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত শান্তি সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত মেঘালয়ত অসমৰ শ্ৰমিক আৰু ব্যৱসায়ীৰ ওপৰত হোৱা হাৰাশাস্তি সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।

বৈঠকত ৰাজনৈতিক দলৰ প্ৰতিনিধি, জ্যেষ্ঠ নাগৰিক, বুদ্ধিজীৱী, আইনজীৱী, সাংবাদিক, শ্ৰমিক আৰু ব্যৱসায়ী সন্থাৰ প্ৰতিনিধি, বিভিন্ন সামাজিক আৰু ৰাজনৈতিক সংগঠনৰ লগতে বিভিন্ন পৰ্যায়ৰ লোক উপস্থিত থাকে। বৈঠকত জানিবলৈ দিয়া হয় যে- সোমবাৰে মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ আমপাতি জিলা আয়ুক্তৰ কাৰ্যালয়তো একে বিষয়ত শান্তি সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল। 

উল্লেখ্য যে, দুয়োখন ৰাজ্যৰ মাজত শান্তি বজাই ৰাখি পূৰ্বৰ স্বাভাৱিক পৰিস্থিতি ঘূৰাই আনিবলৈ এই বৈঠকসমূহ অনুষ্ঠিত কৰা হৈছে। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই কয় যে- মেঘালয়ৰ মূল বজাৰসমূহত ব্যৱসায় কৰিবলৈ যাতায়ত কৰিব পাৰিব যদিও দুৰ্গম এলেকাৰ বজাৰসমূহলৈ নাযাবলৈ ব্যৱসায়ীক আহ্বান জনোৱা হৈছে।

৯ জানুৱাৰীত মেঘালয়ৰ ৰাজাবালাত সংঘটিত এক হিংসাত্মক ঘটনাত গাৰো সংগঠনৰ এজন সদস্যৰ মৃত্যু হৈছিল। এই ঘটনাৰ পিছতে কিছু দুষ্কৃতিকাৰীয়ে অসমৰ শ্ৰমিক আৰু ব্যৱসায়ীক মেঘালয়ত ব্যৱসায় কৰাত বাধা দিয়াৰ অভিযোগ উঠিছিল। দুয়োখন ৰাজ্যৰ মাজত যাতে কোনো উত্তেজনা নাথাকে আৰু শান্তি-সম্প্ৰীতি বজাই থাকে তাৰ লক্ষ্যৰে এই শান্তি সমিতিৰ বৈঠক অনুষ্ঠিত কৰা হয়।

হাটশিঙিমাৰী