ডিজিটেল ডেস্কঃ সুন্দৰী যুৱতীৰ সৈতে প্ৰথমে বাৰত চিনাকি হোৱাৰ পাছত ব্যৱসায়ীগৰাকীৰ সৈতে বাঢ়িছিল ঘনিষ্ঠতা। দিন বাগৰাৰ লগে লগে যুৱতীগৰাকীয়ে উপহাৰ বিচাৰিবলৈ ললে ব্যৱসায়ীজনৰ পৰা।
প্ৰথমে কম দামৰ উপহাৰ আৰু পাছলৈ লাখ টকীয়া উপহাৰ দাবী কৰিবলৈ ললে যুৱতীগৰাকীয়ে। কেতিয়াবা যদি উপহাৰ দিবলৈ অমান্তি হয়, তেন্তে গোপন ভিডিঅ ভাইৰেল কৰি দিয়াৰ ভাবুকি দিয়ে যুৱতী তথা তথাকথিত মডেলগৰাকীয়ে। অৱশেষত অতিষ্ঠ হৈ ব্যৱসায়ী গৰাকীৰ পত্নী কাষ চাপিছে আৰক্ষীৰ।
গুৱাহাটীৰ হাতীগাঁও আৰক্ষী থানাত ইতিমধ্যে ব্যৱসায়ীগৰাকীৰ পত্নীয়ে যুৱতীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। চদ্মৰূপী মডেলৰ বিৰুদ্ধে ১২ লাখ লুণ্ঠনৰ অভিযোগ আনিছে ব্যৱসায়ী গৰাকীৰ পত্নীয়ে। বিভিন্ন সময়ত ব্যৱসায়ীগৰাকীৰ পৰা অনলাইনযোগে লোৱা ধনৰ স্কীণচৰ্টো আৰক্ষীক জমা দিছে ব্যৱসায়ীগৰাকীৰ পত্নীয়ে।
ইফালে ব্যৱসায়ীগৰাকীয়ে অভিযোগ কৰা অনুসৰি, প্ৰথমে বন্ধুত্ব আৰু তাৰ পিছত প্ৰেমৰ চলনাৰে লুণ্ঠনৰ জাল মেলে চদ্মৰূপী মডেলগৰাকীয়ে। বিভিন্নজনক ভিন্ন নামেৰে পৰিচয় দিয়ে যুৱতীগৰাকীয়ে। টিনা, পৰী আৰু জিনা আদি বিভিন্ন নামেৰে পৰিচয় দিয়ে এই যুৱতীগৰাকীয়ে। লাখে লাখে টকা লুণ্ঠনৰ লগতে বিলাসী আই ফোন পৰ্যন্ত ক্ৰয় কৰি লৈছিল যুৱতীগৰাকীয়ে।
বিভিন্ন প্ৰতিষ্ঠিত ব্যৱসায়ীক টাৰ্গেট কৰাৰ অভিযোগ মডেল যুৱতীৰ বিৰুদ্ধে। মাহে মাহে ভাৰা ঘৰ সলাই ফুৰা অভিযুক্ত যুৱতীক এতিয়াও বিচাৰি পোৱা নাই আৰক্ষীয়ে। হাতীগাওঁ আৰক্ষীয়ে