Advertisment

হাতীচোং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয়লাভ

নগাঁও জিলাৰ হাতীচোং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হৈছে। ২০২৪-২৫ বৰ্ষৰ নিৰ্বাচনত ১৩ টা পদত আছুৰ জয়

author-image
Asomiya Pratidin
New Update
aasu

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ হাতীচোং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হৈছে। বুধবাৰে অনুষ্ঠিত হোৱা হাতীচোং মহাবিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতি, উপ- সভাপতি, সাধাৰণ সম্পাদককে ধৰি সৰ্বমুঠ ১৩ টা পদত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰে। 

Advertisment

ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ মুখ্য কেইবাটাও পদবীত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীসকলে বৃহৎ জয় সাব্যস্ত কৰে। নিৰ্বাচনত সভাপতি পদত যীশু বৰা, উপ সভাপতি পদত দিব্য জ্যোতি বৰুৱা, সাধাৰণ সম্পাদক পদত অচ্যুত জ্যোতি ডেকা, সহঃ সাধাৰণ সম্পাদক পদত ৰাজদ্বীপ বৰদলৈ, গুৰু ক্ৰীড়া সম্পাদক পদত ঈশ্বৰ আমফিয়ে জয়লাভ কৰে। একেদৰে লঘু ক্ৰীড়া সম্পাদক পদত নুৰজামান হুছেইন, সাংস্কৃতিক সম্পাদক পদত অংকুৰ জ্যোতি বৰদলৈ, আলোচনী সম্পাদিকা পদত মৃদুলা শইকীয়া, ছাত্র জিৰণি কোঠা সম্পাদক পদত যদুমণি বৰদলৈ, ছাত্রী জিৰণি কোঠা সম্পাদিকা পদত মনি কংকনা বৰদলৈ, সমাজ সেৱা সম্পাদিকা পদত দিক্ষিতা বৰদলৈ, তৰ্ক সম্পাদিকা পদত নাজমা বেগম, দুখীয়া পুঁজি সম্পাদক পদত ৰাস্ফাক উদ্দিন আহমেদে আছুৰ সমৰ্থনত জয়ী হয়।

নগাঁও জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰাই বিজয়ী আটাইকেইগৰাকী প্ৰাৰ্থীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

aasu