/asomiyapratidin/media/media_files/2025/01/20/PRMjfKT0hhjTZRty4iB9.png)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত সোমবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত হেমকোষ অভিধানৰ দ্বিভাষিক ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰি ইতিমধ্যে গীনিজ বিশ্ব অভিলেখ গঢ়া সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী,অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক "হাছান ছৰিফ আহমদ সমন্বয় বঁটা ২০২৪" প্ৰদান কৰে। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড৹ জিতেন হাজৰিকা।
উল্লেখ্য যে, প্ৰতিবছৰে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত এই বঁটা প্ৰদান কৰা হয়। এইবেলি মহাবিদ্যালয়খনৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত আয়োজিত সৌহাৰ্দ্যপূৰ্ণ অনুষ্ঠানত সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীক হাছান ছৰিফ আহমদ সমন্বয় বঁটাৰে সন্মানীত কৰে।
উক্ত অনুষ্ঠানত বঁটা গ্ৰহণ কৰি জয়ন্ত বৰুৱাই কয় যে, হাছান ছৰিফ আহমদ সমন্বয় বঁটাৰ বাবে মই কিমান যোগ্য নাজানো যদিও সেই ব্যক্তিগৰাকীৰ আৰ্শীবাদৰূপে মই এই বঁটা গ্ৰহণ কৰিছো। এই বৰণ্য ব্যক্তিগৰাকীয়ে অসমৰ সাহিত্য আৰু সাংস্কৃতিক জগতলৈ অনবদ্য বৰঙণি আগবঢ়াই থৈ গৈছে। এই সন্মান তথা মৰমে মোক মোৰ কৰ্মৰ প্ৰতি অধিক দায়িত্বশীল কৰি তুলিব।
এই বঁটা প্ৰদানৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা ছাত্ৰ একতা সভাক ধন্যবাদ জ্ঞাপন কৰি জয়ন্ত বৰুৱাই হনুমানবক্স সুৰজমল কানৈকো সুঁৱৰে। লগতে আজিৰ অনুষ্ঠানত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক সুঁৱৰি তেওঁ কয় যে, ভাষাৰ অতি সংকট কালত হেমচন্দ্ৰ বৰুৱাৰ অবিহনে অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠা সম্ভৱ নহ'ল হয়।