হাচিলাবিলৰ উচ্ছেদিতক উচ্চতম ন্যায়ালয়ৰ সকাহ...

বৃহস্পতিবাৰে দিল্লীস্থিত উচ্চতম ন্যায়ালয়ত গোৱালপাৰাৰ হাচিলাবিলত কৰা উচ্ছেদ যে মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া নিয়মৰ বিৰুদ্ধে কৰিছে তাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত তৰা গোচৰ নং PIL Diary No. 37759/২5 ৰ শুনানি হয়। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ১ নং কোৰ্টত গোচৰৰ শুনানি হয়

author-image
Asomiya Pratidin
New Update
AP FOR WEB sc

ডিজিটেল সংবাদ, নতুন দিল্লী : বৃহস্পতিবাৰে দিল্লীস্থিত উচ্চতম ন্যায়ালয়ত গোৱালপাৰাৰ হাচিলাবিলত কৰা উচ্ছেদ যে মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া নিয়মৰ বিৰুদ্ধে কৰিছে তাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত তৰা গোচৰ নং PIL Diary No. 37759/২5 ৰ শুনানি হয়। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ১ নং কোৰ্টত গোচৰৰ শুনানি হয়। 

Advertisment

এই শুনানি ন্যায়াধীশ বি. আৰ. গাৱাই আৰু ন্যায়াধীশ বিনোদ চন্দ্ৰনে লয়। উচ্চতম ন্যায়ালয়ে আজি অসম চৰকাৰ, মুখ্য সচিব, গোৱালপাৰাৰ আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্ত, ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট আদি সকলোলৈ এই সম্পৰ্কত এক জাননী জাৰি কৰিছে। এইসকল লোকে উচ্চতম ন্যায়ালয়ৰ গাইড লাইন পালন নকৰি কেনেকৈ উচ্ছেদ কৰিলে তাৰ জবাব দিব লাগিব। 

উল্লেখ্য যে, মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়ত উলামাই উচ্ছেদিতসকলৰ পক্ষত উচ্চতম ন্যায়ালয়ৰ অভিজ্ঞ জ্যেষ্ঠ অধিবক্তা শ্ৰী সঞ্জয় হেগড়েক নিয়োজিত কৰিছিল। লগতে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আদিল আহমদ, অধিবক্তা মহম্মদ ছমচাদ আদি উপস্থিত আছিল। 

অসমৰ অধিবক্তা আব্দুৰ ৰেজ্জাক ভূঞা, অধিবক্তা জুনাইদ খালিদ, অধিবক্তা আমিনুল ইছলাম আদিয়ে গোচৰটোত যথেষ্ট অৰিহণা আগবঢ়ায়। অসম ৰাজ্যিক জমিয়ত উলামাৰ হৈ অতিৰিক্ত সাধাৰণ মৌলানা ফজলুল কৰিম কাছিমী, সম্পাদক হাফিজ মৌলানা ৰফিকুল ইছলাম (বিধায়ক), নিজানুৰ ৰহমান (বিধায়ক), মাচুম খন্দকাৰ আদি উপস্থিত আছিল।

supreme court