অৱসৰপ্ৰাপ্ত শিক্ষক হাৰুণাৰ ৰছিদ হাজৰিকা আৰু নাই

মঙলদৈ ২ নং ৱাৰ্ডৰ নিবাসী তথা মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক হাৰুণাৰ ৰছিদ হাজৰিকা আৰু নাই। মঙলবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
new ap web mangaldai

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ ২ নং ৱাৰ্ডৰ নিবাসী তথা মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক হাৰুণাৰ ৰছিদ হাজৰিকা আৰু নাই। মঙলবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।

উল্লেখযোগ্য যে, তেওঁ সাহিত্য নগৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল। একেদৰে ব্ৰিলিয়েন্ট একাডেমী, গ্লৰিয়াছ পাব্লিক স্কুল পৰিচালনা সমিতিৰো সন্মানীয় বিষয়ববীয়া আছিল হাৰুণাৰ ৰছিদ হাজৰিকা।

তেওঁ কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। হাজৰিকাৰ মৃত্যুত মঙলদৈত শোকৰ ছাঁ পৰে।

mangaldai অৱসৰপ্ৰাপ্ত শিক্ষক