ডিজিটেল সংবাদ, তিতাবৰ : অসম -নাগালেণ্ড সীমান্তৰ গোহাঁজান ভাগ্যলক্ষ্মী গাঁৱত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে নাগা আৰু অসমীয়াৰ মাজত সম্প্ৰীতিমূলক ভলীবল প্ৰতিযোগিতা। তিতাবৰ আৰু চাংপাং চক্ৰৰ প্ৰতিবেশী গাঁওসমূহৰ পুৰুষ- মহিলাৰ মাজত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতাখন ।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আজিৰ পৰা ২২ বছৰ পূৰ্বে অসম -নাগালেণ্ড সীমান্তত নাগা- অসমীয়াৰ মাজত শান্তি সম্প্ৰীতিৰ লক্ষ্যৰে তিতাবৰৰ বিশিষ্ট সমাজসেৱক ,ব্যৱসায়ী প্ৰকাশ শইকীয়াৰ নেতৃত্বত নাগা- অসমীয়া কেইজনমান ব্যক্তিয়ে নাগালেণ্ডৰ উষা জিলাৰ চাংপাং চক্ৰৰ নিউচুৰিত আৰম্ভ কৰিছিল সম্প্ৰীতিমূলক ভলীবল প্ৰতিযোগিতা ।
তিতাবৰৰ অসম- নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত নাগা- অসমীয়াৰ মাজত সঘনাই দেখা দিয়া আশান্তিকৰ পৰিস্থিতি দূৰ কৰাৰ লগতে অসম- নগালেণ্ড সীমান্তৰ প্ৰতিবেশী গাঁওসমূহৰ সম্পৰ্ক উন্নীতকৰণ এক শক্তিশালী মঞ্চ গঢ়ি তোলাৰ মহান উদ্দেশ্যেৰে ১১ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ চাৰিদিনীয়াকৈ এফ ভি বি টিৰ উদ্যোগত গোহাঁজান ভাগ্যলক্ষ্মী গাঁৱত অনুষ্ঠিত কৰা হৈছে নগা অসমীয়াৰ মাজত সম্প্ৰীতিমূলক ভলীবল প্ৰতিযোগিতা ।
শান্তি সম্প্ৰতিৰে একতাৰ প্রয়াস চলাই অহা সম্প্ৰীতিমূলক ভলীবল প্ৰতিযোগিতাখন উদ্ধোধন কৰে তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই ।