/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/11874397-f8de-4d4b-a788-832c09599ffc/assam_police_13.jpg)
আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদলঃ হৰমিট সিঙক বিশেষ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি...
ডিজিটেল ডেস্কঃ ৰাজ্যচৰকাৰৰ গৃহ বিভাগৰ পৰা জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ৰাজ্যৰ প্ৰশাসনত ব্যাপক সালসলনি কৰা হৈছে। সেই অনুসৰি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত আই পি এছ বিষয়া হৰমিট সিঙক অসম আৰক্ষীৰ বিশেষ সঞ্চালক (প্ৰশাসন) হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।
ইয়াৰ বিপৰীতে আই পি এছ বিষয়া তথা অসম চৰকাৰৰ গৃহ, ৰাজনীতি আৰু তথ্য, জনসংযোগ বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাক গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি তথা বদলি কৰা হৈছে।
আন এক নিৰ্দেশনা অনুসৰি নলবাৰীৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে এ পি এছ বিষয়া সুধাকৰ সিঙক। তেওঁ গুৱাহাটী পুলিচ কমিচনাৰেটৰ ডেপুটি কমিচনাৰ (ইষ্ট) হিচাপে দায়িত্ব পালন কৰি আছিল।
আনহাতে নলবাৰীৰ আৰক্ষী অধীক্ষক এ পি এছ বিষয়া পবিন্দ্ৰ কুমাৰ নাথক জখলাবন্ধাস্থিত দ্বিতীয় এ এফ পি এফ বেটেলিয়নৰ কামাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে।
একেদৰে এ পি এছ বিষয়া তথা শিৱসাগৰৰ লিগিৰীপুখুৰীস্থিত প্ৰথম এ পি বি এনৰ কামাণ্ডেণ্ট সুৰজিত সিং পানেশ্বৰক গুৱাহাটী পুলিচ কমিচনাৰেটৰ ডেপুটি কমিচনাৰ (ইষ্ট) হিচাপে বদলি কৰা হৈছে।
ক্লিক কৰি পঢ়কঃ খেদি খেদি চৰকাৰী আঁচনিৰ গাহৰি নিধন যজ্ঞ আৰম্ভ : বিষয়াৰ গাফিলতিৰ ভয়ংকৰ পৰিণতি...