ডিজিটেল সংবাদ, গুৱাহাটী: অসমৰ নৱ-বৈঞ্চৱ ধৰ্মৰ বাটকটীয়া,আদিগুৰু,বেদচাৰ্য,দৰ্শনচাৰ্য, ভাগৱতাচাৰ্য মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ আৱিৰ্ভাৱ আৰু তিৰোভাৱ তিথিত ৰাজ্য চৰকাৰে এইবেলিও চৰকাৰী বন্ধ ঘোষণা নকৰাত সমগ্ৰ ৰাজ্যখনৰ ভিন-ভিন দল-সংগঠনে একেমুখে উদ্বিগ্নতা প্ৰকাশ কৰিছে।মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ আৱিৰ্ভাৱ হৈছিল ১৪২৬ খ্ৰীষ্টাব্দৰ ভাদ মাহৰ শুক্লা পঞ্চমী তিথিত আৰু তিৰোভাৱ হৈছিল ১৫৬৬ খ্ৰীষ্টাব্দৰ জেঠ মাহৰ অমাৱস্যা তিথিত।
এইজনা চিৰনমস্য গুৰুজনাৰ আৱিৰ্ভাৱ আৰু তিৰোভাৱ তিথিত চৰকাৰীভাৱে বন্ধ প্ৰথমতে ঘোষণা কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই ১৯৫৭ চনত। সুদীৰ্ঘ কালৰ পিছত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ১৯৮৬ চনত গুৰুজনাৰ আৱিৰ্ভাৱ তিৰোভাৱ তিথিত দুয়োটা চৰকাৰী বন্ধ উঠাই দি অসমৰ কেইবা লক্ষ শিষ্য -প্ৰশিষ্যৰ মুখত চাই সানে।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিনম্ৰতাৰে দাবী জনাই মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- "মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুজনাৰ প্ৰতি সন্মান জনাই এই কামফেৰা কৰিব লাগে। বিমলা প্ৰসাদ চলিহাই গুৰুজনাৰ আদৰ্শ আৰু কৃতিৰ প্ৰতি সন্মান জনাই চৰকাৰী ভাৱে বন্ধ ঘোষণা কৰিছিল।
অসমৰ লাখ-লাখ গুৰুজনাৰ শিষ্য ৰাজ্যৰ ভিন-ভিন প্ৰান্তত সিঁচৰতি হৈ থকাই নহয় তেওঁৰ আদৰ্শ, কৰ্ম, দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে।" চৰকাৰী পেঞ্চনাৰ সন্থা, অসমৰ দ্বাৰা প্ৰকাশিত তিনিমহীয়া আলোচনী "অস্তৰাগ"ৰ সম্পাদক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কয়- "মুখ্যমন্ত্ৰী ড০ শৰ্মাই গুৰুজনাৰ আৱিৰ্ভাৱ আৰু তিৰোভাৱ তিথিত চৰকাৰীভাৱে বন্ধ ঘোষণা কৰি হৰিদেৱ গুৰুজনাক সন্মান প্ৰদৰ্শন কৰিব লাগে।"
মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ আৱিৰ্ভাৱ আৰু তিৰোভাৱ তিথিত চৰকাৰীভাৱে বন্ধৰ দাবী জনাইছে কামৰূপ অনুসন্ধান সমিতিৰ সভাপতি ড০ নিশিপদ দেৱ চৌধুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভা, অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথ, পদ্মশ্ৰী সন্মান প্ৰাপক ড০ ৰোমান শৰ্মা, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা "সাহিত্য কোঁৱৰ" সন্মান প্ৰাপক কমল কলিতাই,।
লগতে অসম সত্ৰ মহাদেৱৰ নলবাৰী জিলা সমিতিৰ সভাপতি তাৰিণী কান্ত গোস্বামী, বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ 'বহুবাক'ৰ সহকাৰী সম্পাদক গোলাপ বড়ো, অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশন, স্বেচ্ছাসেৱী অনুষ্ঠান "ৰং", বিশিষ্ট লেখক শৈলেন তালুকদাৰ, প্ৰবীণ সাহিত্যিক দুৰ্গা প্ৰসাদ শৰ্মা, বিশিষ্ট গীতিকাৰ- সুৰকাৰ ডিজেন কাকতি আদি দল-সংগঠনেও বন্ধৰ দাবী জনায় । সকলোৱে একেমুখে কয়- মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ পবিত্ৰ স্মৃতিত আৱিৰ্ভাৱ আৰু তিৰোভাৱ তিথিত বন্ধ দি লক্ষ লক্ষ গুৰুজনাৰ শিষ্য -প্ৰশিষ্যক সন্মান প্ৰদৰ্শন কৰিব লাগে।