হৰেন্দ্ৰ বৰাক অসম সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতিৰ উপ সভাপতিৰ দায়িত্ব

মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক তথা প্ৰাক্তন জিলা সভাপতি কবি হৰেন্দ্ৰ বৰাক অসম সাহিত্য সভাৰ 'কবি সন্মিলন উপ সমিতিৰ উপ সভাপতি' ৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
হৰেন্দ্ৰ বৰাক অসম সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতিৰ উপ সভাপতিৰ দায়িত্ব

হৰেন্দ্ৰ বৰাক অসম সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতিৰ উপ সভাপতিৰ দায়িত্ব

ডিজিটেল ডেস্ক : মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক তথা প্ৰাক্তন জিলা সভাপতি কবি হৰেন্দ্ৰ বৰাক অসম সাহিত্য সভাৰ 'কবি সন্মিলন উপ সমিতিৰ উপ সভাপতি' ৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অসম সাহিত্য সভাৰ গুৱাহাটীৰ প্ৰশাসনিক কাৰ্যালয়ত যোৱা ২৫ মাৰ্চ তাৰিখে সন্ধিয়া বৰাক এই দায়িত্বপত্ৰ প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই।

Advertisment

সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য ধীৰেণ শৰ্মা,জালাহ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক অতুল কলিতা প্ৰমুখ্যে সাহিত্যনুৰাগীৰ  উপস্থিতিত দায়িত্ব অৰ্পণ কৰি প্ৰধান সম্পাদকে শতবছৰ গৰকা জাতীয় অনুষ্ঠানটিত আৰু অধিক সাহিত্যনুৰাগীক জড়িত কৰি আগুৱাই নিবলৈ আহ্বান জনায়।

ইপিনে,হৰেন্দ্ৰ বৰাই দায়িত্ব লাভ কৰি আনন্দিত হোৱাৰ লগতে কবিতাৰ জৰিয়তে সভাখনৰ প্ৰতি নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰি যাব বুলি নিজৰ মত ব্যক্ত কৰে।

অসম সাহিত্য সভা