২০ দিনৰ ভিতৰত হাৰাং নৈৰ ওপৰত নিৰ্মাণ কৰা হ'ব ব্ৰেইলি ব্ৰীজ...

কাছাৰৰ ভাংগাৰপাৰত দুখন অভাৰলোড লাইমষ্টোন ডাম্পাৰসহ হাৰাং নৈৰ দলং ভাঙি নৈত খহি পৰাৰ পিছত সম্প্ৰতি শিলচৰ-কালাইন সংযোগী পথটো সম্পূৰ্ণ বন্ধ হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
২০ দিনৰ ভিতৰত হাৰাং নৈৰ ওপৰত নিৰ্মাণ কৰা হ'ব ব্ৰেইলি ব্ৰীজ...

ডিজিটেল সংবাদ কাছাৰঃ কাছাৰৰ ভাংগাৰপাৰত দুখন অভাৰলোড লাইমষ্টোন ডাম্পাৰসহ হাৰাং নৈৰ দলং ভাঙি নৈত খহি পৰাৰ পিছত সম্প্ৰতি শিলচৰ-কালাইন সংযোগী পথটো সম্পূৰ্ণ বন্ধ হৈ পৰিছে। যাতায়ত ব্যৱস্থা পুনৰ স্বাভাৱিক কৰাৰ বাবে অহা ২০ দিনৰ ভিতৰত হাৰাং নৈৰ ওপৰত এখন ব্ৰেইলি ব্ৰীজ নিৰ্মাণ কৰা হ'ব।

Advertisment

 ১৩০ মিটাৰ দৈৰ্ঘৰ এই ব্ৰেইলি ব্ৰীজখন নিৰ্মাণ কৰিবলৈ ইতিমধ্যে NICDCL ক নিৰ্দেশ দিয়া হৈছে। বুধবাৰে ভাংগাৰপাৰৰ হাৰাং নৈৰ ভঙা দলংখন পৰিদৰ্শন কৰি এই মন্তব্য কৰিছে বৰাক উন্নয়ণ আৰু যোগান বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে।

 ৰাজ্য সভাৰ সাংসদ কনাড পুৰকায়স্হ, জিলা আয়ুক্ত মৃদুল যাদৱ,  আৰক্ষী অধীক্ষক নোমাল মাহাত্তা, লোক নিৰ্মাণ আৰু NICDCLৰ বিষয়াসকলক লগত লৈ মন্ত্ৰীগৰাকীয়ে মঙ্গলবাৰে পুৱতি নিশা নৈত ভাঙি পৰা দলঙখন পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত কয় যে, ইতিমধ্যে ব্ৰেইলি ব্ৰিজখনৰ‌ সামগ্ৰী ৰাঁচীৰ পৰা লৈ আজিয়ে যাত্ৰা কৰিছে এটি কোম্পানীয়ে।

 বৰ্তমান এই ব্ৰেইলি ব্ৰীজখন নিৰ্মাণ নোহোৱা পৰ্যন্ত ভাংগাৰপাৰ-ৰংঘৰ আৰু কাটিগৰা- গনিৰগ্ৰাম এই দুটা গড়কাপ্তানী পথেৰে যানবাহনসমূহ শিলচৰলৈ যাতায়ত কৰিব। এই দুটা পথেৰে মাত্ৰ ১০ টন ওজন ক্ষমতা যানবাহন সমূহ যাতায়ত কৰিব। এই পথ দুটা মেৰামতি কৰিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২ কোটি টকা মোকলাই দিয়া বুলিও জানিবলৈ দিয়ে মন্ত্ৰী কৌশিক ৰায়ে।

আনহাতে,  হাৰাং নৈৰ এই সেতুখন কাৰ‌ ভুলৰ বাবে ভাঙিল, তাৰ ৰহস্য উদঘাটনৰ বাবে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়া হৈছে। এই ঘটনাৰ পিছত লোক নিৰ্মাণ, ঠিকাদাৰ, ৱে ব্ৰীজ কৰ্তৃপক্ষ আৰক্ষী যিয়েই জড়িত নহওক কিয় সকলো তদন্তত পোহৰলৈ আহিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। 

ইতিমধ্যে, ঘটনাৰ নিশা কৰ্তব্যত থকা ভাংগাৰপাৰ আৰক্ষী চকীৰ এগৰাকী বিষয়াসহ দুজন কনিষ্টবলক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। অভাৰলোড ডাম্পাৰক আণ্ডাৰলোড চালান দিয়া ৱে ব্ৰীজৰ পাচ জন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।

বৰাক কৌশিক ৰায় কাছাৰ