/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/bwda732r/AP FOR WEB 1.png)
ডিজিটেল সংবাদ, ৰঙিয়া: সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী উপলক্ষে ৰঙিয়াৰ ২৯নং বালিকা বিদ্যালয়ে বুধবাৰে এক শোভাযাত্ৰা উলিওৱা হয়। দিনৰ ১০ বজাত ৰঙিয়া চহৰৰ মূৰাৰা বালিকা বিদ্যালয়ৰ চৌহদৰ পৰা আৰম্ভ হৈ ছছাইটি চকৰ সন্মুখেৰে সিদ্ধিনাথ হস্পিটাল হৈ পুনৰ বিদ্যালয়ত সামৰণি পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/qx6iyfce/f903c91b-d16d-4c39-8d03-bd1f693494e7.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/twrgzcy8/c2f12a51-e802-47bc-941a-b0a406c448a4.jpg)
শোভাযাত্ৰাত বিদ্যালয়ৰ ২০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে-হাতে পতাকা,বেনাৰ লৈ অংশগ্ৰহণ কৰে। এই হৰ ঘৰ ত্ৰিৰংগা শোভাযাত্ৰা উদ্বোধন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী ভবানী দাস।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/t8w4jvu8/b328bbb0-2dcc-4586-99c3-e533abc22517.jpg)
মুকলি কৰি সভানেত্ৰী দাসে স্বাধীনতা দিৱসৰ প্ৰাসংগিকতা সম্পৰ্কে আলোকপাত কৰাৰ লগতে বিদ্যালয়ৰ অধ্যক্ষ অজন বৈশ্যই শিক্ষাৰ্থীসকলৰ আগত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত শুভেচ্ছা জনাই তাৎপৰ্যপূৰ্ণ বক্তব্য দাঙি ধৰে। আজিৰ শোভাযাত্ৰাত বিদ্যালয়ৰ অধ্যক্ষ অজন বৈশ্য, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক সকলে অংশ লয়।
Also Read: মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ কাণ্ড: হত্যাৰ অভিযোগত আটক পত্নী-কন্যা...