ডিজিটেল সংবাদ, চিৰাং: দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সঙ্গতি ৰাখি সমগ্ৰ দেশজুৰি "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্য্যসূচী ৰূপায়ন কৰি থকা হৈছে। মঙলবাৰে উক্ত কাৰ্য্যসূচীৰ অংশ হিচাপে চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আৰক্ষী আৰু পৰিবহন বিভাগৰ যৌথ সহযোগত জিলা সদৰ কাজলগাঁৱত "হৰ ঘৰ ত্ৰিৰংগা ৰেলী" উলিওৱা হয়।
বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা পাঁচ শতাধিক ছাত্ৰ ছাত্ৰী আৰু সৰ্ব সাধাৰণ ৰাইজৰ উপস্থিতিত কাজলগাঁৱৰ জিলা যোগকেন্দ্ৰৰ পৰা যাত্ৰা আৰম্ভ কৰা ত্ৰিৰংগা ৰেলীত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, জিলা আয়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডী, আৰক্ষী অধীক্ষক অক্ষৎ গাৰ্গ সহ ইউপিপিএল দলৰ বহু নেতা কৰ্মী । ত্ৰিৰংগা ৰেলীত অংশগ্ৰহণকাৰী সকলে হাতে জাতীয় পতাকা লৈ ভাৰত মাতা কি জয়, বন্দে মাতৰম আদি ধ্বনিৰে ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰি পুনৰ আৰম্ভ কৰা স্থলীতে সমাপন কৰে।
হৰ ঘৰ ত্ৰিৰংগা ৰেলীৰ সৈতে সঙ্গতি ৰাখি পৃথকভাৱে জিলা পৰিবহন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত এখন মটৰচাইকেল ৰেলী উলিওৱা হয়। জিলা আয়ুক্ত কাৰ্যালয়ৰ সম্মুখত শতাধিক মটৰচাইকেল আৰহীৰ উপস্থিতিত উক্ত ত্ৰিৰংগা মটৰচাইকেল ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে সাংসদ দ্বয় ক্ৰমে ৰৌণগৌৰা নাৰ্জাৰী আৰু জয়ন্ত বসুমতাৰীয়ে।