/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/xv2fa42i/bongaigaon web.png)
ডিজিটেল ডেস্কঃ ৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশতে পালন কৰা হৈছে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী। বঙাইগাঁও শোধনাগাৰেও ব্যাপক ৰূপত ৰূপায়ন কৰা হয় এই কাৰ্যসূচী। এই উপলক্ষে বুধবাৰে চিৰাং জিলাৰ ঢালিগাঁৱস্থিত বঙাইগাওঁ শোধনাগাৰটোৱে ১৩৫ ইনফ' বিএন (টি এ) ইকো (অসম)ৰ সহযোগত এক ত্ৰিৰংগা বাইক ৰেলীৰ আয়োজন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/h3mkfua3/b02c482d-8acf-495d-b75e-a6fa878a43fe.jpg)
বঙাইগাঁও শোধনাগাৰ আৰু চি আই এছ এফৰ বি জি আৰ ইউনিটৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত বি জি আৰৰ কাৰ্যবাহী সঞ্চালক আৰু শোধনাগাৰ মুৰব্বী নয়ন কুমাৰ বৰুৱাই এই কাৰ্যসূচী উদ্বোধন কৰে। ইপিনে ১৩ আগষ্টত বঙাইগাঁও শোধনাগাৰে দিল্লী পাব্লিক স্কুল( ঢালিগাঁও) আৰু বঙাইগাঁও শোধনাগাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/q5u7jfb7/8a168a54-8948-4023-b0bc-f57969f9e9c9.jpg)
বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ পৰা উলিওৱা বাইক ৰেলী চিৰাং জিলা সদৰ কাজলগাঁৱৰ মাজৰে অতিক্ৰম কৰি ঐক্য আৰু দেশপ্ৰেমৰ বাৰ্তা বিয়পাই পুনৰ উপনগৰীত সামৰণী পৰে। ইয়াৰ উপৰিও চিৰাং জিলাত আই অ’ চি এল বি জি আৰ, চি আই এছ এফ আৰু ডি জি আৰৰ কৰ্মচাৰীক লৈ এক চাইকেল ৰেলী উলিওৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/eausguv5/831a8972-39fa-414f-9a6c-12309e05305f.jpg)
Also Read: ২০২৪ বৰ্ষৰ সাংবাদিক পেঞ্চনৰ তালিকাত কোন কোন আছে, পঢ়ক সবিশেষ…