শিলচৰত হনুমান জয়ন্তী পালন

শোভাযাত্ৰাত অংশগ্ৰহণ কৰি শিলচৰৰ বিধায়ক দিপায়ন চক্রবর্তীয়ে কয় যে, এদিন প্ৰভু হনুমানজীৰ আশীৰ্বাদত ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হ'ব । সেই উদ্দেশ্যে আগত ৰাখিয়ে বৰ্তমান বজৰং দল‌সহ বিভিন্ন হিন্দু সংগঠনে কাম কৰি আহিছে ।

author-image
Asomiya Pratidin
New Update
শিলচৰত হনুমান জয়ন্তী পালন

ডিজিটেল সংবাদ, শিলচৰ : সমগ্ৰ দেশৰ লগতে শনিবাৰে শিলচৰতো মহা ধুমধামেৰে পালন কৰা হয় হনুমান জয়ন্তী । শিলচৰৰ প্ৰতিটো হনুমান মন্দিৰত পুৱাৰে পৰা পূজা-অৰ্চনা আগবঢ়োৱা হয়।

উল্লেখযোগ্য যে, হনুমানজীৰ আশীৰ্বাদ ল'বলৈ মন্দিৰসমূহত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে ।‌ ঠায়ে ঠায়ে উলিওৱা হৈছে বিশাল সাংস্কৃতিক শোভাযাত্ৰা ।‌

শিলচৰ তাৰাপুৰ হনুমান ধাম সেৱা সমিতিৰ উদ্যোগত শিলচৰত উলিওৱা হয় গাড়ীৰ এক বিশাল শোভাযাত্ৰা। মন্দিৰ প্ৰাংগণৰ পৰা উলিওৱা এই শোভাযাত্ৰা শিলচৰ চহৰৰ বিভিন্ন পথ পৰিক্ৰমা কৰি পুনৰ মন্দিৰৰ সন্মুখত সমাপ্তি ঘটে ।

এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি শিলচৰৰ বিধায়ক দিপায়ন চক্রবর্তীয়ে কয় যে, এদিন প্ৰভু হনুমানজীৰ আশীৰ্বাদত ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হ'ব । সেই উদ্দেশ্যে আগত ৰাখিয়ে বৰ্তমান বজৰং দল‌সহ বিভিন্ন হিন্দু সংগঠনে কাম কৰি আহিছে ।

hanuman jayanti