Advertisment

সন্দিকৈ মহাবিদ‍্যালয়ত বাৰ্ষিক বক্তৃতানুষ্ঠান...

সন্দিকৈ মহাবিদ‍্যালয়ৰ বক্তৃতানুষ্ঠানত ময়ূৰ বৰাই অসমীয়া জাতি সত্তা, ভাষা বিকাশৰ ক্ষেত্ৰত পাহৰণিৰ গৰ্ভত হেৰাই যোৱা লোক সকল অসম জীয়ৰী অমৃতপ্ৰভাৰ পৰা আৰু শ্রী মন্ত শংকৰদেৱ, মাধবদেৱৰ অৱদানৰ ওপৰত আলোকপাত কৰে। 

author-image
Asomiya Pratidin
New Update
ময়ুৰ বৰা

ডিজিটেল সংবাদ,গুৱাহাটীঃ বুধবাৰে সন্দিকৈ মহাবিদ‍্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ষষ্ঠ বাৰ্ষিক বক্তৃতা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বন্তি প্ৰজ্বলনৰ দ্বাৰা শুভাৰম্ভ কৰা অনুষ্ঠানৰ মূল বক্তা আছিল বিশিষ্ট লেখক, সমালোচক, চিন্তাবিদ ময়ূৰ বৰা। 

Advertisment

বক্তৃতাৰ বিষয় বস্তু আছিল  "The Assamese: A longing for luminosity"। বক্তৃতা প্ৰদানত ময়ূৰ বৰাই অসমীয়া জাতি সত্তা, ভাষা বিকাশৰ ক্ষেত্ৰত পাহৰণিৰ গৰ্ভত হেৰাই যোৱা লোক সকল অসম জীয়ৰী অমৃতপ্ৰভাৰ পৰা আৰু শ্রী মন্ত শংকৰদেৱ, মাধবদেৱকে ধৰি সাম্প্ৰতিক সময়ৰ আনন্দৰাম ঢেকিয়াল ফুকন,অমল প্ৰভা দাস,চন্দ্ৰপ্ৰভা শইকীয়া, ভূপেন হাজৰিকালৈ তেখেত সকলে দি থৈ যোৱা জ্ঞানৰ বানী সমূহ আৰু বিশ্বদৰবাৰত অসমীয়া জাতিক প্ৰতিষ্ঠা কৰাত তেখেত সকলৰ অৱদানৰ ওপৰত আলোকপাত কৰে। 

লগতে ময়ূৰ বৰাই বৰ্তমানৰ অসমীয়া মানুহৰ দায়বদ্ধতা সম্পৰ্কে বিৱৰি কয়। অনুষ্ঠানত পৰিচালনা সমিতিৰ সভাপতি সুব্ৰতা শৰ্মা ভট্টাচাৰ্য‍্য, উপাধক্ষা মাধুৰিমা হাজৰিকা আৰু মহাবিদ‍্যালয়ৰ বিভাগীয় প্ৰৱক্তাকে ধৰি বিভিন্ন মহাবিদ‍্যালয়ৰ প্ৰৱক্তা সকল উপস্থিত থাকে।

অসমীয়া