/asomiyapratidin/media/media_files/2025/05/28/XRgm5kM59OpzFi254VcR.jpg)
ডিজিটেল ডেস্ক : ইজৰাইলে চলোৱা আক্ৰমণতে হামাছৰ অন্যতম শীৰ্ষ নেতা মহম্মদ সিনৱাৰৰ মৃত্যু হৈছে - এই কথা সংবাদমেলযোগে স্পষ্টভাৱে উল্লেখ কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, গাজাৰ ষ্ট্ৰিপৰ এখন হাস্পতালত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল, তাৰোপৰি একেসময়তে ১৩ মে’ত গাজাত চলোৱা হৈছিল বিমান আক্ৰমণ। এই সময়ছোৱাতে আত্মগোপন কৰি থকা হামাছৰ শীৰ্ষ নেতা মহম্মদ সিনৱাৰৰ মৃত্যু হৈছিল। ইতিমধ্যে ইজৰাইলে চলোৱা আক্ৰমণত নিহতসকলৰ তালিকাত হামাছৰ শীৰ্ষ নেতাগৰাকীকো অন্তৰ্ভুক্ত কৰা বুলি প্ৰসংক্ৰমে জনায় নেতানিয়াহুৱে।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, জেৰুজালেমত অনুষ্ঠিত হোৱা এক সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে কয়- ইজৰাইল সেনাই এতিয়ালৈকে অতি কমেও দহ হেজাৰ উগ্ৰপন্থীক নিৰ্মূল কৰিছে। আমাৰ সেনাই ইতিমধ্যে গাজাৰ অধিক সংখ্যক অঞ্চল দখল কৰিছে। ইয়াৰ ফলস্বৰূপে পৰৱৰ্তী সময়ত গাজাৰ বিস্তৃত এলেকা ইজৰাইলৰ নিৰাপত্তা বাহিনীৰ নিয়ন্ত্ৰণলৈ আহিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
প্ৰণিধানযোগ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত গাজাত যুদ্ধৰ সূচনা হৈছিল। আৰু এই আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল মহম্মদ সিনৱাৰৰ জ্যেষ্ঠ ভাতৃ ইয়াহিয়া সিনৱাৰ। লক্ষ্যণীয়ভাৱে ২০২৪ চনৰ অক্টোবৰতে গাজাৰ দক্ষিণ অংশত যুদ্ধৰ মাষ্টাৰমাইণ্ড তথা মহম্মদ সিনৱাৰৰ জ্যেষ্ঠ ভাতৃ ইয়াহিয়া সিনৱাৰৰ হত্যা কৰা হৈছিল।