শ্ৰীশ্ৰী হলেশ্বৰ দেৱালয়ত বিশ্ব শান্তিৰ কামনাৰে শ্ৰীশ্ৰী মহাৰুদ্ৰ যজ্ঞ

শ্ৰীশ্ৰী হলেশ্বৰ দেৱালয় প্ৰাঙ্গনত ১২ ফেব্ৰুৱাৰীত শ্ৰীশ্ৰী মহাৰুদ্ৰ যজ্ঞৰ পূৰ্ণাহুতি দিব। আনহাতে শ্ৰীশ্ৰী মহাৰুদ্ৰ যজ্ঞক লৈ দেৱালয় উন্নতি সাধনি সমিতিয়ে হলেশ্বৰ দেৱালয় প্ৰাংগন নৰূপত সজাই পৰাই তুলিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
vxcxcx

ডিজিটেল সংবাদ,তেজপুৰঃ  ঊষানগৰী তেজপুৰৰ ঐতিহাসিক হলেশ্বৰ দেৱালয়ত কালিৰে পৰা ৪ দিনীয়া কাৰ্য্যসূচীৰে বিশ্বশান্তিৰ কামনাৰে শ্ৰীশ্ৰী মহাৰুদ্ৰ যজ্ঞ আৰম্ভ হৈছে। শ্ৰীশ্ৰী হলেশ্বৰ দেৱালয় উন্নতি সাধনি সমিতি আৰু বৃহত্তৰ তেজপুৰবাসী ৰাইজৰ সহযোগত আয়োজিত শ্ৰীশ্ৰী মহাৰুদ্ৰ যজ্ঞ উপলক্ষে শোণিতপুৰকে ধৰি অসমৰ ভিন্ন প্ৰান্তৰৰ পৰা অগনন ভক্তপ্ৰাণ লোকৰ আগমন হৈছে।

Advertisment

 উল্লেখ্য যে শ্ৰীশ্ৰী হলেশ্বৰ দেৱালয় প্ৰাঙ্গনত ১২ ফেব্ৰুৱাৰীত শ্ৰীশ্ৰী মহাৰুদ্ৰ যজ্ঞৰ পূৰ্ণাহুতি দিব। আনহাতে শ্ৰীশ্ৰী মহাৰুদ্ৰ যজ্ঞক লৈ দেৱালয় উন্নতি সাধনি সমিতিয়ে হলেশ্বৰ দেৱালয় প্ৰাংগন নৰূপত সজাই পৰাই তুলিছে। কাৰ্যসূচী অনুসৰি আজি পুৱা ফুলেৰে সজাই লোৱা বাহন,আয়তী আৰু অঞ্চলটোৰ কেইবা শতাধিক ভক্তপ্ৰাণ লোকৰ অংশগ্ৰহনেৰে বিশাল জলযাত্ৰা উলিওৱা হয়।

 লগতে মণ্ডপ প্ৰদক্ষিণ, ভূমি পূজন আদি কাৰ্যসূচীও আৰম্ভ হয়। এইক্ষেত্ৰত অহা কালিলৈ মহাৰুদ্ৰ ও বেদী দেৱতা পূজন,বেদ পাঠ ,আহুতি প্ৰদানৰ লগতে দিনৰ ২ বজাত এখন ধৰ্মালোচনী,সভা অনুষ্ঠিত হ'ব। তদুপৰি নিশালৈ শ্ৰী ৰামচন্দ্ৰৰ অশ্বমেধ যজ্ঞ শীৰ্ষক ভাওনা অনুষ্ঠিত হ'ব।

হলেশ্বৰ দেৱালয়