/asomiyapratidin/media/media_files/2025/03/29/C4WoxY0LqxWNRSw3qoXB.jpg)
ডিজিটেল ডেস্ক : শুকুৰবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে হিন্দুস্তান এৰ’নটিক্স লিমিটেড চমুকৈ এইচ এ এলৰ সৈতে প্ৰশিক্ষণ আৰু সংশ্লিষ্ট সঁজুলিৰ লগতে ১৫৬খন লাইট কম্বেট হেলিকপ্টাৰ চমুকৈ এল চি এইচ যোগান ধৰাৰ বাবে দুখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। কৰ বাদ দি ইয়াৰ বাবে ব্যয় হ’ব ৬২,৭০০ কোটি টকা।
উল্লেখযোগ্য যে, বেংগালুৰুৰ মুখ্য কাৰ্যালয়ত থকা ৰাজহুৱা খণ্ডৰ মহাকাশ আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা হয়। ইয়াৰে প্ৰথমটো চুক্তি ভাৰতীয় বায়ুসেনাৰ বাবে ৬৬ খন এল চি এইচ যোগান ধৰা। একেদৰে ভাৰতীয় সেনা বাহিনীৰ বাবে ৯০টা এল চি এইচ যোগানৰ বাবে দ্বিতীয়টো চুক্তি সম্পন্ন কৰে।
এই হেলিকপ্টাৰসমূহৰ যোগান ২০২৭-২৮ বৰ্ষৰ পৰা আৰম্ভ হ'ব। এই চুক্তিৰ দ্বাৰা সুউচ্চ উচ্চতাত সশস্ত্ৰ বাহিনীৰ যুদ্ধ ক্ষমতা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।
আনহাতে এই প্ৰকল্পত ২৫০ টাতকৈও অধিক ঘৰুৱা কোম্পানী জড়িত হ'ব। যাৰ জৰিয়তে ৮,৫০০ৰো অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ চাকৰিৰ সৃষ্টি হ'ব বুলি মন্ত্ৰালয়ে উল্লেখ কৰে।