পুত্ৰৰ অত্যাচাৰত ত্ৰাহি মধুসূদন দেখিছে হাজোৰ এগৰাকী মহিলাইঃ থানাত এজাহাৰ দাখিল

পুত্ৰৰ অত্যাচাৰত ত্ৰাহি মধুসূদন দেখিছে হাজোৰ এগৰাকী মহিলাইঃ থানাত এজাহাৰ দাখিল

author-image
Asomiya Pratidin
New Update
পুত্ৰৰ অত্যাচাৰত ত্ৰাহি মধুসূদন দেখিছে হাজোৰ এগৰাকী মহিলাইঃ থানাত এজাহাৰ দাখিল

ডিজিটেল সংবাদ,হাজোঃ হাজো থানাৰ চৌহদত হিয়া ভঙা কান্দোন এগৰাকী মহিলাৰ। পুত্ৰৰ অকথ্য নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলা গৰাকী থানালৈ গোচৰ দিব আহি কান্দোনত ভাগি পৰে। থানালৈ পলাই আহিব লগীয়া পৰিস্থিতি উদ্ভৱ হোৱাত হতাশাত ভাগি পৰিছে হাজোৰ কুলহাটী গাঁওৰ সাবিত্ৰী দাস নামৰ মহিলা গৰাকী।

Advertisment

নিজ পুত্ৰ প্ৰণৱ দাসে অকথ্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ কৰিছে মহলিাগৰাকীয়ে। জন্ম দাত্ৰী মাতৃক প্ৰতিদিনে শাৰীৰিক,মানসিক অত্যচাৰ চলাই এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰিছে পুত্ৰই। ইমানতে শান্ত নাথাকি পুত্ৰ প্ৰণৱে চিলিণ্ডাৰ বিস্ফোৰণ ঘটাই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰাত ভয়ত কম্পমান হৈ উঠিছে মাতৃ।

পুত্ৰৰ অর্জনৰে জীৱনৰ বিয়লি বেলা কটাম বুলি ভবা মাতৃ সাৱিত্ৰী দাসে এতিয়া পুত্ৰৰ অত্যাচাৰত দেখিছে ত্ৰাহি মধুসূদন।আনৰ ঘৰত কাম কাজ কৰি জীৱন নিৰ্বাহৰ বাট মোকোলাই লোৱা সাবিত্ৰী দাসে এতিয়া নিজ পুত্ৰৰ ভয়ত এৰিব লগা হৈছে নিজৰ ঘৰখনো। সেয়েহে পুত্ৰৰ নিৰ্যাতনৰ সন্মুখীন হৈ দাসে উপায়ন্তৰ হৈ এজাহাৰ দাখিল কৰিছে হাজো আৰক্ষীত। এই ক্ষেত্ৰত হাজো আৰক্ষীয়ে কি ভূমিকা লব সেয়া খুৱেই লক্ষণীয় হব।

Also Read: ঢকুৱাখনা সমষ্টি আৰক্ষণমুক্ত দাবী সমিতিৰ ৰাজহুৱা সভা

Haju