/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-29/ysk60ejd/13.jpg)
ডিজিটেল সংবাদ,হাজোঃ দীপাৱলীক লৈ ৰাজ্যত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। ইতিমধ্যে ৰংবিৰঙি আলোক, ফটকা, ফুলজাৰীৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। দীপাৱলীৰ এই সময়ছোৱাত তীৰ্থনগৰী হাজোত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য।
হাজোৰ ৰাইজলৈ দীপাৱলী উপলক্ষে আগবঢ়োৱা হৈছে সুলভ মূল্যত মিঠাতেল। শ্ৰীশ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বছৰেকত ৰাহি হোৱা মিঠাতেল দীপাৱলীৰ বন্তি জ্বলাবলৈ মন্দিৰ পৰিচালনা সমিতিয়ে হাজোৰ ৰাইজৰ বাবে আগবঢ়াইছে ৭৫ টকা মূল্যত। এইবেলি কেইবাহাজাৰ লিটাৰ মিঠাতেল উলিয়াই দিয়া হৈছে গ্ৰাহকৰ মাজলৈ।
ইয়াকে লৈ মাধৱ মন্দিৰ চৌহদত পুৱাৰে পৰা দেখা গ'ল দীঘলীয়া শাৰী। বজাৰৰ পৰা এশ টকাতকৈও অধিক মূল্যত মিঠাতেল ক্ৰয় কৰাৰ বিপৰীতে হাজোৰ ৰাইজলৈ ৰেহাই মূল্যত মিঠাতেল প্ৰদান কৰাত ৰাইজ আৰ্থিকভাৱে লাভান্বিত হ'ব বুলি মন্তব্য কৰে মন্দিৰ পৰিচালনা সমিতিয়ে। উল্লেখ্য যে, প্ৰতিবছৰেই দীপাৱলীৰ এই সময়ত বন্তি জ্বলাবলৈ হাজোৰ ৰাইজলৈ ৰেহাই মূল্যত বিতৰণ কৰা হয় মিঠাতেল।
Also Read: কোচ ৰাজবংশী সকলৰ মাটি ম্যাদীকৰণৰ ক্ষেত্ৰত নিয়মসমূহ শিথিল কৰিবলৈ চৰকাৰক আহ্বান আক্ৰাছুৰ...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us