নিজ ককায়েকৰ ঘৰতে চাফাই অভিযান চোৰৰঃ চিচি কেমেৰাৰ দৃশ্য দেখি হতবাক সকলো...

উপায়ন্তৰ হৈ হাফিজ আলীয়ে ঘৰত লগোৱা চিচি কেমেৰাৰ দৃশ্য নিৰীক্ষণ কৰে। চিচি কেমেৰাৰ দৃশ্য দেখি হতবাক হৈ পৰে ভুক্তভোগী হাফিজ আলী। কাৰণ আলীৰ ঘৰত চুৰিৰ ঘটনা সংঘটিত কৰা চোৰজন কোনো অইন নহয়

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,হাজোঃ  হাজোত সংঘটিত হোৱা এক চুৰি কাণ্ডই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজ ককায়েকৰ ঘৰতে চুৰিকাণ্ড সংঘটিত কৰি পৰিয়াল তথা ৰাইজৰ ৰোষত পৰিছে কনিষ্ঠ ভাতৃ। ঘটনা সংঘটিত হৈছে হাজোৰ হেলেছা অঞ্চলত।

Advertisment

জানিব পৰা মতে, হাফিজ আলী নামৰ এজন লোকৰ বাসগৃহত চোৰে কোনো নথকৰা সুযোগ লৈ আলমাৰী ভাঙি আ-অলংকাৰৰ লগতে নথি-পত্ৰ লৈ উধাও হয়। ঘৰত গৃহস্থ উপস্থিত হৈ চুৰিকাণ্ডৰ উমান পায়। উপায়ন্তৰ হৈ হাফিজ আলীয়ে ঘৰত লগোৱা চিচি কেমেৰাৰ দৃশ্য নিৰীক্ষণ কৰে।

চিচি কেমেৰাৰ দৃশ্য দেখি হতবাক হৈ পৰে ভুক্তভোগী হাফিজ আলী। কাৰণ আলীৰ ঘৰত চুৰিৰ ঘটনা সংঘটিত কৰা চোৰজন কোনো অইন নহয় খোদ তেওঁৰ সৰু ভায়েক মটিউৰ ৰহমান। লগে লগে হাফিজ আলীয় উক্ত ঘটনা সন্দৰ্ভত হাজো আৰক্ষীত গোচৰ ৰুজু কৰে।

ইফালে মটিউৰে লাজ তথা ভয়ত আৰক্ষী চকীৰ আত্ম সমৰ্পন কৰি হাফিজৰ সামগ্ৰী উভতাই দিয়ে, যদিও এতিয়াও বহু সামগ্ৰী পোৱা নাই বুলি জনিছে জ্যেষ্ঠ ভাতৃ তথা ভুক্তভোগীয়ে। উল্লেখ্য যে, সম্পত্তিৰ লোভতে আত্মীয়ই আত্মীয়ৰ ঘৰত এনেদৰে চুৰিকাৰ্য্য চলোৱা ঘটনাই সমগ্ৰ হেলেছা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চুৰিকাণ্ড