পথ নিৰ্মাণত অনিয়ম, ক্ষুব্ধ ৰাইজে আবদ্ধ কৰিলে অভিযন্তাক

হাজোৰ নতুন চৰাবড়ীত এটা পকী পথ মেৰামতিক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হৈছে। ঘটনাস্থলীত হাজো লোক নিৰ্মাণ বিভাগৰ অভিযন্তা চফিকুল হক উপস্থিত হোৱাত ক্ষুব্ধ ৰাইজে কেইবাঘন্টা ধৰি আবদ্ধ কৰি ৰাখে অভিযন্তা গৰাকীক।

author-image
Asomiya Pratidin
New Update
fgfgfgfgfg

ডিজিটেল সংবাদ, হাজোঃ হাজোৰ নতুন চৰাবড়ীত এটা পকী পথ মেৰামতিক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হৈছে। প্ৰায় ৫০ লাখ টকা ব্যয় সাপেক্ষে ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ শণিয়াদিৰ পৰা নতুন চৰাবড়ী সংযোগী পথছোৱাত নিম্নমানৰ সামগ্ৰীৰে মেৰামতি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। যাৰফলত কাৰ্পেটিং কৰা পথছোৱা চকলা-চকলিকৈ এৰি যোৱাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে।

ইফালে, ঘটনাস্থলীত হাজো লোক নিৰ্মাণ বিভাগৰ অভিযন্তা চফিকুল হক উপস্থিত হোৱাত ক্ষুব্ধ ৰাইজে কেইবাঘন্টা ধৰি আবদ্ধ কৰি ৰাখে অভিযন্তা গৰাকীক। ৰাইজে আনকি পথছোৱাৰ মেৰামতিৰ কাম অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে। হাজোস্থিত লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ হৈ থকা এই পথছোৱা নিৰ্মাণ কাৰ্যত সংঘটিত কৰা অনিয়মৰো উচিত তদন্ত দাবী উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে।

হাজো