/asomiyapratidin/media/media_files/2025/06/17/EMWY7KMvZYMb2b7BqlDv.jpg)
ডিজিটেল ডেস্কঃ হাজো আৰক্ষীক প্ৰত্যাহ্বান জনাই পাকিস্তানক মুকলি সমৰ্থন কৰা এটা দেশদ্ৰোহী গ্ৰেপ্তাৰ। ধৃত দেশদ্ৰোহীটোৰ নাম ছফিকুল হক। জানিব পৰা মতে ফেচবুকত ভুৱা একাউণ্ট খুলি দেশ বিৰোধী পোষ্ট আপডেট দি আহিছিল।
তাৰ পিছতেই হাজো আৰক্ষীয়ে অভিযান চলাই গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে এই দেশবিৰোধীটোক। তাৰ পিছতেই জানিব পৰা গৈছে দেশবিৰোধীটোৰ প্ৰকৃত পৰিচয়। ভুৱা একাউণ্ট খুলি ফেচবুকত মুকলিকৈ হাজো আৰক্ষীক প্ৰত্যাহ্বান জনাই দেশবিৰোধী পোষ্ট দিয়াৰ লগতে গো-মাংসৰ কথাও লিখা ছফিকুল হকৰ ঘৰ প্ৰকৃত ঘৰ নলবাৰীৰ মুকামলমুৱাত।
ছফিকুলে ফেচবুকত লাইলা ছনু নামেৰে এক ভুৱা একাউণ্ট খুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফটো আপলোড কৰি তাৰ কেপচনত পাকিস্তান, গো-মাংস জিন্দাবাদ বুলি লিখাৰ উপৰিও হাজো আৰক্ষীকো মুকলি প্ৰত্যাহ্বান জনায়।
হাজো আৰক্ষীক প্ৰত্যাহ্বান জনাই ফেচবুকত দেশবিৰোধীটোৱে লিখিছে- আগতেও পাকিস্তান জিন্দাবাদ বুলি বহুত লিখিছে কিন্তু হাজো আৰক্ষীয়ে একো কৰিব পৰা নাই। ইয়াৰ পিছতে হাজো আৰক্ষী থানাত এই ভুৱা একাউণ্টৰ বিৰুদ্ধে চাৰিটাকৈ গোচৰ ৰুজু কৰা হয় আৰু সেই গোচৰৰ আধাৰতে অভিযান চলাই গুৱাহাটীৰ পৰা ভুৱা একাউণ্টৰ আঁৰত থকা ছফিকুলক হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত এটা দলে গ্ৰেপ্তাৰ কৰে।