নলবাৰীৰ মুকালমুৱাৰ পৰা নিৰুদ্দেশ এজন যুৱক

যোৱা ১০ নৱেম্বৰত পুৱা ১০ বজাত গুৱাহাটীত কামত যাম বুলি ওলাই গৈছিল জাফাৰ আলী ঘৰৰ পৰা । কিন্তু সন্ধিয়া ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে  বিভিন্ন ঠাইত খবৰ কৰাত কোনো ধৰণৰ খবৰ লাভ নকৰাত পৰিয়াল মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ।

author-image
Asomiya Pratidin
New Update
45

ডিজিটেল সংবাদ,হাজোঃ ৰাজ্যত দিনক-দিনে বৃদ্ধি নিৰুদ্দেশৰ ঘটনা। এইবাৰ হাজোৰ সীমিন্তবৰ্তী নলবাৰীৰ মুকালমুৱা থানাৰ অন্তৰ্গত গলদীঘলাৰ  পৰা নিৰুদ্দেশ এজন যুৱক । যুৱকজনৰ নাম জাফাৰ আলী, বয়স ৩২ বছৰ। 

উল্লেখ্য যে, যোৱা ১০ নৱেম্বৰত পুৱা ১০ বজাত গুৱাহাটীত কামত যাম বুলি ওলাই গৈছিল জাফাৰ আলী ঘৰৰ পৰা । কিন্তু সন্ধিয়া ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে  বিভিন্ন ঠাইত খবৰ কৰাত কোনো ধৰণৰ খবৰ লাভ নকৰাত পৰিয়াল মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ।

আনফালে ঘটনা  সন্দৰ্ভত আদাবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

#missingcase hajo