/asomiyapratidin/media/media_files/2025/06/18/hajo 18-46aba738.jpg)
ডিজিটেল সংবাদ হাজোঃ সামাজিক ব্যাধি হিচাপে পৰিগণিত হোৱা অবৈধ প্ৰেমৰ বাবেই পুনৰ এগৰাকী যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাই নহয় কঁকাল পৰ্যন্ত ভাঙি যোৱা ঘটনাই হাজো অঞ্চলত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে হাজোৰ পানীখাইতিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
ঘটনাৰ বিৱৰণ অনুসৰি হাজোৰ পানীখাইতি গাঁৱৰ ৰেকিব আলী নামৰ এজন যুৱকৰ একেখন গাঁৱৰে এগৰাকী বিবাহিত মহিলাৰ সৈতে আছিল অবৈধ সম্পৰ্ক। দুয়োৱে ৰাজপথতে অনৈতিক কাৰ্যত লিপ্ত হোৱাত বিতু আলী নামৰ স্থানীয় যুৱকজনে এনে কাৰ্যত বাধা প্ৰদান কৰে।
তাতেই খৰ্গহস্তহৈ পিছত ৰেকিব আলীয়ে বিতু আলী নামৰ যুৱকজনক ৰাজপথতে শাৰীৰিক ভাৱে আক্ৰমণ কৰে। ৰাজপথতে কাঠৰ বাটামৰে কৰা এই আক্ৰমণত বিতু আলী বাগৰি পৰে। তাৰ পিছতো চলা উপৰ্যুপৰি আক্ৰমণত বিতু আলীৰ কঁকাল ভাঙি গৈছে বুলি জানিব পৰা গৈছে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত বিতু আলীয়ে ৰেকিব আলীৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে প্ৰতিক্ৰিয়াৰ সমান্তৰালকৈ চাঞ্চল্য সৃষ্টি কৰিছে।