হাজোত আৰক্ষী জোৱান অৱনীৰ কামনা বলি হ'ল নাবালিকা...

অসম আৰক্ষীৰ নাম কাটিলে এগৰাকী জোৱানে। ৰক্ষকেই ভক্ষকৰ ৰূপ ল’লে হাজোত। হাজোৰ বাগটা জোকাৰি গ’ল এক লাজ লগা ঘটনাই। লম্পট আৰক্ষী অৱনী কলিতাৰ কামনাৰ ৰোষৰ পৰা সাৰি নগল নাবালিকা।

author-image
Asomiya Pratidin
New Update
bbhhnn

ডিজিটেল সংবাদ, হাজোঃ  অসম আৰক্ষীৰ নাম কাটিলে এগৰাকী জোৱানে। ৰক্ষকেই ভক্ষকৰ ৰূপ ল’লে হাজোত। হাজোৰ বাগটা জোকাৰি গ’ল এক লাজ লগা ঘটনাই। লম্পট আৰক্ষী অৱনী কলিতাৰ কামনাৰ ৰোষৰ পৰা সাৰি নগল নাবালিকা। অসম আৰক্ষীৰ বেটেলিয়নত কৰ্মৰত জোৱান অৱনী কলিতাই এগৰাকী নাবালিকাৰ সৈতি দুকাৰ্য সম্পন্ন কৰাৰ তথ্য পোহৰলৈ আহিছে। 

Advertisment

দুই সন্তাৰ পিতৃ অসম আৰক্ষীৰ বেটেলিয়ন অৱনী কলিতাই ঘৰৰ ওচৰেৰে নাবালিকাক বলপূৰ্বক যৌন নিৰ্যাতনৰ অভিযোগ নাবালিকাৰ পৰিয়ালৰ। কোনো নথকাৰ সুযোগ লৈ নিজ আইতাকৰ গৃহত যৌন নিৰ্যাতনৰ চেষ্টা লম্পট অৱনীৰ অবুজ নাবালিকাক।

আনহাতে লম্পট অৱনীৰ পত্নীয়ে স্বামী অৱনীৰ সমগ্ৰ এই নিৰ্লজ্ব ঘটনা গাপ দিয়াৰ বাবে অকথ্য গালি-গালাজৰ লগতে নাবালিকাৰ পৰিয়ালক মাৰপিটৰ অভিযোগ নাবালিকাৰ পৰিয়ালৰ। অসম আৰক্ষীৰ বেটেলিয়নত কৰ্মৰত জোৱান অৱনীৰ এই নিৰ্লজ্জ কাণ্ডৰ উচিত তদন্ত বিচাৰি নাবালিকাৰ পৰিয়ালৰ ওচৰত হিন্দু জাগৰণ মঞ্চ,বজৰং দলৰ লগতে স্থানীয় লোক।ইতিমধ্যে সমূদায় ঘটনা সন্দৰ্ভত নাবালিকা গৰাকীৰ মাতৃয়ে লম্পট আৰক্ষী জোৱান অৱনী কলিতাৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

হাজো