সমূহীয়াভাৱে বৰ্জন কৰিলে গো মাংস...

গো মাংস সেৱন আনুষ্ঠানিক ভাৱে বন্ধ কৰি দিছে। গাঁওখনৰ মাজৰে এতিয়াৰ পৰা কোনো ধৰণৰ গৰু সৰবৰাহ যাতে কৰিব নোৱাৰে তাৰ প্ৰতিও যথেষ্ট কঠোৰ হোৱাৰ ইংগিত দিছে গাঁও বাসীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,হাজোঃ ৰাজ্য জুৰি গো মাংস বিতৰ্ক চলি থকাৰ সময়তে হাজোৰ সাতদলা গাঁও বাসীয়ে দাঙি ধৰিলে এক নিদৰ্শন। সমূহীয়া ভাৱে গো মাংস বৰ্জন কৰিলে গাঁও বাসীয়ে। পবিত্ৰ মহৰমৰ দিনা গাঁওবাসীয়ে লোৱা সৰ্ব সন্মাত সিদ্ধান্ত মতে গাঁওখনত গো মাংস বিক্ৰী বন্ধ কৰিছে।

লগতে গাঁওখনত গো মাংস সেৱন আনুষ্ঠানিক ভাৱে বন্ধ কৰি দিছে। গাঁওখনৰ মাজৰে এতিয়াৰ পৰা কোনো ধৰণৰ গৰু সৰবৰাহ যাতে কৰিব নোৱাৰে তাৰ প্ৰতিও যথেষ্ট কঠোৰ হোৱাৰ ইংগিত দিছে গাঁও বাসীয়ে।

ইয়াৰ সমান্তৰাল কৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা গৰুৰ বজাৰ সমূহ সম্পূৰ্ণ ৰূপে বন্ধ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে গাঁওবাসীয়ে। উল্লেখযোগ্য যে, সমাজখনত দীৰ্ঘ দিনীয়া শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থতে গাঁও বাসীয়ে গো মাংস বৰ্জন কৰা বুলি সদৰী কৰিছে।

হাজো