/asomiyapratidin/media/media_files/2025/07/02/new-ap-web-6-6-2025-07-02-21-18-04.jpg)
ডিজিটেল সংবাদ হাজোঃ কামৰূপ গ্ৰাম্য জিলাৰ হাজোত আজি খিলঞ্জীয়া মুছলমান আৰু বংগমূলীয় মুছলমানৰ মাজৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। অভিযোগ অনুসৰি বংগমূলীয় একাংশ মুছলমান সম্প্ৰদায়ৰ লোকৰ আক্ৰমণৰ সন্মুখীন হয় থলুৱা মুছলমান।
অভিযোগ অনুসৰি হাজোৰ মিলপাৰাৰ ৰতনপুৰৰ দুই থলুৱা মুছলমান যুৱক ক্ৰমে মঞ্জুৰ আলী আৰু তেওঁৰ ভাতৃক বংগমূলীয় তিনি মুছলমান যুৱকৰ নেতৃত্বত এটা ২৫ জনীয়া দলে প্ৰাণনাশী আক্ৰমণ কৰে। অভিযোগ অনুসৰি আক্ৰমণৰ সন্মুখীন হোৱা দুই থলুৱা যুৱকৰ অপৰাধ আছিল পাবলগীয়া ধন ঘূৰাই বিচৰা।
দুই থলুৱা যুৱকক আক্ৰমণৰ নেতৃত্ব বহন কৰা বংগমূলীয় তিনি যুৱক ক্ৰমে অন্তাজ আলী, কালাম আলী আৰু খালেক আলী। তেওঁলোক তিনিজনৰ নেতৃত্বতে দা, যাঠী, জোং আদি লৈ থলুৱা দুই যুৱকৰ ওপৰত প্ৰায় ২৫ জনীয়া দলটোৱে আক্ৰমণ কৰে।
এই আক্ৰমণ মঞ্জুল আলী অতি গুৰুতৰভাৱে আহত হোৱাৰ লগতে অতি সংকটজনক অৱস্থাত চিকিৎসাধানী হ’বলগীয়া হৈছে। জানিব পৰা মতে তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছে। এনে পৰিস্থিতিত তীৰ্থনগৰী হাজোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হাজোৰ থলুৱা তথা খিলঞ্জীয়া মুছলমানৰ ওপৰত বাংলাদেশী মূলৰ মুছলমান লোকৰ এনে আগ্ৰাসী আক্ৰমণক সহজভাৱে লোৱা নাই স্থানীয় লোকসকলে।
ইতিমধ্যে এই ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বাতৰি লিখা পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়ে হাজো আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰত লক্ষ্য ৰাখিছে সকলোৱে।