হাজোত ক'লা বেজ পৰিধান কৰি সাংবাদিকৰ প্ৰতিবাদ

শনিবাৰে হাজোৰ সাংবাদিক সকলে ক'লা বেজ পৰিধান কৰি সাংবাদিক আক্ৰমণৰ ঘটনা বিৰোধিতা কৰাৰ লগতে সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।

author-image
Asomiya Pratidin
New Update
Untitled-1 copy

ডিজিটেল সংবাদ, হাজোঃ ৰাজ্যত বৃদ্ধি পাইছে সাংবাদিক নিগ্ৰহৰ ঘটনা। শেহতীয়াকৈ ND 24ৰ ঢেঁকিয়াজুলিৰ সাংবাদিক বিমল জ্যোতি নাথ আৰু প্ৰাগ নিউজৰ চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে হাজোৰ সাংবাদিক সকলে।

Advertisment

শনিবাৰে হাজোৰ সাংবাদিক সকলে ক'লা বেজ পৰিধান কৰি সাংবাদিক আক্ৰমণৰ ঘটনা বিৰোধিতা কৰাৰ লগতে সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।

হাজো সাংবাদিক