/asomiyapratidin/media/media_files/2026/03/03/deadbdooo-2026-03-03-16-11-14.jpg)
ডিজিটেল সংবাদ, হাজো: হাজোৰ টাঙোনমাৰীৰ ব্ৰক্ষ্মপুত্ৰৰ নদীৰ সুতিত উদ্ধাৰ এটি মৃতদেহ। মঙলবাৰে দিনৰ ১১মান বজাত এজন খেতিয়কে খেতিপথাৰত গৈ থকা অৱস্থাত টাঙোনমাৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ সুতিৰ পাৰত প্ৰত্যক্ষ কৰে মৃতদেহটো।
ঘটনাৰ খবৰ পাই স্থানীয় গাওঁ প্ৰধানে ৰামদিয়া আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। এই মূতদেহটো পুৰুষৰ বুলি জানিব পৰা গৈছে। বয়স আনুমানিক প্ৰায় ৩৩ বছৰ।
অৱশ্যে মৃতদেহটো কাৰ সেই সন্দৰ্বত বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই। তদন্ত অব্যাহত কৰিছে ৰামদিয়া আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us