/asomiyapratidin/media/media_files/2025/06/27/hajo-27-2025-06-27-20-50-20.jpg)
ডিজিটেল সংবাদ হাজোঃ ২০২৬ ত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে কংগ্ৰেছ দল। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশত প্ৰতিটো বুথ শক্তিশালী কৰাত উঠিপৰি লাগিছে তৃণমূলৰ কৰ্মীসকল।
হাজোত কংগ্ৰেছৰ কামৰূপ জিলাৰ উপ-সভাপতি ভবেশ দাসৰ নেতৃত্বত বুথে বুথে অনুষ্ঠিত হয় কৰ্মী সভা। ভবেশ দাসে বুথ সমিতিৰ সভাপতিসকলক সম্বৰ্ধনা জনায় দলটোক তৃণমূল পৰ্যায়ত শক্তিশালী কৰি তোলাৰ লক্ষ্য লয়। অনুষ্ঠানত কংগ্ৰেছ কৰ্মীসকলে গৌৰৱ গগৈ জিন্দাবাদ, ,ৰাহুল গান্ধী জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ আদি ধ্বনিও দিয়ে।
দলটোৰ ভেঁটি মজবুট কৰি আগন্তুক বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপি দলক পৰাজিত কংগ্ৰেছৰ দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লয় কৰ্মী সকলে।