/asomiyapratidin/media/media_files/2025/07/02/sahh-2025-07-02-10-12-19.jpg)
ডিজিটেল সংবাদ, হাজোঃ হাজো নলবাৰী সংযোগী ভঁৰালতোলা গাঁৱত বৰলীয়া নৈৰ ওপৰত নিৰ্মান হৈ থকা পকী দলঙত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। দলঙৰ কাম চলি থাকোতেই দলং খনৰ বিভিন্ন প্ৰান্তত দেখা দিছে চিৰাল ফাট।
উল্লেখযোগ্য হাজো আৰু নলবাৰী অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত বৰলীয়া নৈৰ ওপৰত অসম চৰকাৰে অনুমোদন দিছিল দলং খন। নলবাৰী লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মান হৈ থকা দলং খনৰ কাম লাভ কৰিছিল সত্যৰঞ্জন হালৈ নামৰ এগৰাকী ঠিকাদৰে।
নিৰ্মাণ কাৰ্য চলি থাকোতেই দলং খনৰ বিভিন্ন প্ৰান্তত দেখা দিয়া চিৰাল ফাটৰ বাবেই নিৰ্মাণ কাৰ্য্য যে যথেষ্ট পৰিমাণে দুৰ্বল হৈছে সেয়া নিশ্চিত হৈছে। বিভাগীয় অভিযন্তা সকলৰ সম্পূৰ্ন অ মনোযোগী ভাবৰ বাবেই আজি দলং খনৰ নিৰ্মীয়মান অৱস্থাত ফাট মেলিছে। আনহাতে দলং নিৰ্মাণত যথেষ্ট বিসংগতি থকা বুলি সদৰী কৰিছে দলং নিৰ্মাণত জড়িত একাংশ কৰ্মচাৰীয়ে।