হজ যাত্ৰী কঢ়িয়াই অনা বিমানত জুই : কথমপি প্ৰাণ ৰক্ষা ২৫০জন যাত্ৰীৰ

আন এক অনাকাঙ্খিত দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰিল ২৫০ গৰাকী বিমান যাত্ৰীৰ। এইবাৰ ঘটনাৰ স্থান লক্ষ্ণৌ। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
কথমপি প্ৰাণ ৰক্ষা ২৫০জন যাত্ৰীৰ

ডিজিটেল ডেস্ক : আন এক অনাকাঙ্খিত দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰিল ২৫০ গৰাকী বিমান যাত্ৰীৰ। এইবাৰ ঘটনাৰ স্থান লক্ষ্ণৌ। 

Advertisment

উল্লেখযোগ্য যে, ছৌদি আৰৱৰ পৰা ২৫০ গৰাকী হজ যাত্ৰী কঢ়িয়াই আনিছিল এছ ভি ৩১১২ নম্বৰৰ বিমানখনে। ইয়াৰ পাছতে উক্ত বিমানখন সোমবাৰে পুৱা ৬-৩০ বজাত লক্ষ্ণৌৰ লক্ষ্মী চৰণ সিং আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰিবলৈ লওতে বিমানখনৰ তলৰ অংশৰ বাওঁ চকাৰ পৰা সামান্য পৰিমাণে জুইৰ সুত্ৰপাত হয়। 

ইয়াৰ পাছতে বিমানখন ধোঁৱাৰে আৱৰি ধৰা প্ৰত্যক্ষ কৰি যাত্ৰীসকলৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে বিমানখন অৱতৰণৰ কিছু সময়ৰ পাছতে বিমান বন্দৰত থকা সুৰক্ষা কৰ্মীসকলৰ প্ৰচেষ্টাত আটাইকেইগৰাকী যাত্ৰীকে সুৰক্ষিত অৱস্থাত বিমানখনৰ পৰা উলিয়াই অনা হয়।

airport