হাইদৰ হুছেইনলৈ ২০২৫ বৰ্ষৰ চ্যুকাফা বঁটা

চ্যাওল্যুও চ্যুকাফাৰ আদৰ্শৰে সাম্প্ৰতিক সমাজখনক উদ্ধুদ্ধ কৰাৰ প্ৰয়াসেৰে ঐতিহ্যমণ্ডিত চৰাইদেউৰ সোণাৰিত কেন্দ্ৰীয়ভাৱে চ্যুকাফা মহোৎসৱ আয়োজন কৰি আহিছে।

New Update
new ap web 2 (11)

ডিজিটেল সংবাদ, গুৱাহাটী: বিশিষ্ট সাংবাদিক, সাহিত্যিক তথা বুদ্ধিজীৱী হাইদৰ হুছেইনলৈ ২০২৫ বৰ্ষৰ চ্যুকাফা বঁটা প্ৰদান কৰিব অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে । এই সন্দৰ্ভত অৱগত কৰি পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে কয় যে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বৰ অসমৰ খনিকৰ বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা চ্যাওল্যুও চ্যুকাফাৰ আদৰ্শৰে সাম্প্ৰতিক সমাজখনক উদ্ধুদ্ধ কৰাৰ প্ৰয়াসেৰে ঐতিহ্যমণ্ডিত চৰাইদেউৰ সোণাৰিত কেন্দ্ৰীয়ভাৱে চ্যুকাফা মহোৎসৱ আয়োজন কৰি আহিছে।

চ্যুকাফা মহোৎসৱৰ সৈতে সংগতি ৰাখি যুৱ-ছাত্ৰ পৰিষদে অসমৰ আৰ্থ সামাজিক, সাংস্কৃতিক, সাহিত্যিক আদি ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তি একোগৰাকীক বিশেষ জুৰি বৰ্ডৰ দ্বাৰা নিৰ্বাচন কৰি চ্যুকাফা বঁটা প্ৰদান কৰি আহিছে।

এইবাৰ অৰ্থাৎ ২০২৫ বৰ্ষৰ বাবে এই বঁটা জ্যোষ্ঠ সাংবাদিক, সাহিত্যিক তথা বিশিষ্ট বুদ্ধিজীৱি হাইদৰ হুছেইনক চৰাইদেউ জিলাৰ সোণাৰিত অনুষ্ঠিত হব লগা কেন্দ্ৰীয় চ্যুকাফা মহোৎসৱত ২ ডিচেম্বৰ তাৰিখে আয়োজিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত চ্যুকাফা বঁটা প্ৰদান কৰিব অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ।

উল্লেখযোগ্য যে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰদান কৰি অহা চ্যুকাফা বঁটা প্ৰথমবাৰৰ বাবে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক প্ৰদান কৰা হৈছিল। 

পলাশ চাংমাই