বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিপিএফ দলৰ বিজয় নিশ্চিতঃ হাগ্ৰামা মহিলাৰী...

বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ মাজত যদিও কেইবামাহ বাকি আছে কিন্তু তাৰ আগতেই প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈ গৈছে সামান্তৰাল ভাবে ৰাজনৈতিক নেতা সকলৰ।

author-image
Asomiya Pratidin
New Update
ddddddddfaf

ডিজিটেল সংবাদ, চিৰাংঃ  বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ মাজত যদিও কেইবামাহ বাকি আছে কিন্তু তাৰ আগতেই প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈ গৈছে সামান্তৰাল ভাবে ৰাজনৈতিক নেতা সকলৰ মাজত তীব্ৰ বাকযুদ্ধ আৰম্ভ হৈ গৈছে । আজি চিৰাং জিলাৰ ছামথাইবাৰী স্থিত বাথৌ খেৰাই ৰিজৰ্টত বিপিএফ দলৰ এক দলীয় যোগদান সভা অনুষ্ঠিত হয় ।

উক্ত সভাত উপস্থিত থাকি বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে তেওঁৰ স্বভাৱ সুলভ ভঙ্গিমাৰে সংবাদ মাধ্যমৰ আগত কয় যে আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিপিএফ দলৰ বিজয় নিশ্চিত আৰু আমি বিপিএফ দল হিচাপে এইবেলি বিটিচিত চৰকাৰ বনামেই বুলি দাবী কৰে ।

তাৰ মাজতেই সাংবাদিকে প্ৰশ্ন কৰে যে বিগত নিৰ্বাচন কেইটাত ভোটাৰ ৰাইজে ইউপিপিএল দলক ভোট দি বিজয়ী কৰিছে তাৰ বিপৰীতে বিপিএফ দলৰ প্ৰাৰ্থী সকলে পৰাজিত হৈ আহিছে তেনেক্ষেত্ৰত কিদৰে আশা কৰে যে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ৰাইজে বিপিএফ দলক ভোট দি জয়যুক্ত কৰিব বুলি কৰা প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে
বিগত নিৰ্বাচন কেইটাত ইউপিপিএল দলে বিজেপি আৰু মিত্ৰজোঁট দলৰ সৈতে লগ লাগি নিৰ্বাচন খেলিছে আৰু বিপিএফ দল অকলে যুজঁ দিছে যাৰ বাবে সিহঁতে জিকিছে আৰু আমি হাৰিছো ।

কিন্তু সিহঁতৰ তিনিটা দলে পোৱা ভোট ভাগ কৰিলে দেখা যায় বিপিএফ দল বিজয়ী হৈছে । লক্ষ্যনীয় বিষয় যে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি দলে অকলেই খেলিব বুলি যি দৰে ঘোষণা কৰিছে সেই দৰে প্ৰমোদ বড়োৰ ইউপিপিএল দলে এতিয়াও অকলে নিৰ্বাচন খেলাৰ কথা কোৱাৰ সাহস নাই । কাৰণ প্ৰমোদ বড়োই জানে অকলে নিৰ্বাচন খেলিলে ইউপিপিএল দলৰ পৰাজয় নিশ্চিত ।

তথাপিও ভাগ্য ভাল থাকিলে প্ৰমোদ বড়োই জিকি যাব পাৰে নহলে ফলাফল শূন্য হবও পাৰে।  বৰ্তমান সময়ত বিটিচি এলেকাৰ ৰাজনীতিত বিজেপি দল দুই নম্বৰত আছে আৰু তাৰ বিপৰীতে ইউপিপিএল শূন্য বুলি সংবাদ মাধ্যমৰ আগত তাৎপৰ্য্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰী এতিয়া বিপিএফ দলৰ অকলশৰীয়া নেতা বুলি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কটাক্ষ কৰি কৰা সন্দৰ্ভত হাগ্ৰামা মহিলাৰী মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম উভতি ধৰি কটাক্ষ কৰি কয় যে উৰ্খাও গৌৰা ব্ৰহ্ম   কোনো কামতে সন্তুষ্ট নহোৱা মানুহ । যিমানেই শুদ্ধ কাম নকৰক কিয় তেখেত আহি কোনোবা নহয় কোনোবা ভুল ধৰিবই । বিৰাট নেতিবাচক মানুহ ইউ জি ব্ৰহ্ম,  তাৰ কথা মোক নুসুধিব ।

আজি বাথৌ খেৰাই ৰিজৰ্টত আয়োজিত যোগদান অনুষ্ঠানত ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ ১৯ গৰাকী যুৱ সদস্যই নতুনকৈ বিপিএফ দলত যোগদান কৰে । উক্ত যোগদান অনুষ্ঠানতেই যোৱা আঠ ফেব্ৰুৱাৰী তাৰিখে ৰুণীখাতাৰ থাইকাঝোৰাত বিপিএফ দল ত্যাগ কৰি খাম্ফা বৰগয়াৰীৰ সৈতে ইউপিপিএল দলত যোগদান কৰা ১৪ নং চিৰাং দুৱাৰ ব্লক বিপিএফৰ উপ সভাপতি দীনেশ বসুমতাৰী আজি পুনৰ ইউপিপিএল দল ত্যাগ কৰি বিপিএফ দলত যোগদান কৰে।

অতি কম দিনৰ ভিতৰতে ইউপিপিএল দলৰ প্ৰতি কিয় মোহভংগ হলে বুলি সংবাদ মাধ্যমৰ লোকে প্ৰশ্ন কৰাত দিনেশ বসুমতাৰীয়ে কয় যে আগ পিচ চিন্তা নকৰাকৈ আমাৰ নেতা খাম্ফা বৰগয়াৰীৰ আহ্বানত  বিপিএফ দল এৰি ইউপিপিএল দলত যোগদান কৰিছিলো কিন্তু যোগদান কৰাৰ পিছত যিখিনি বুজি পাইছো ইউপিপিএল দলত আমাৰ বিশেষ গুৰুত্ব নাই আনকি ভবা ধৰনে খাম্ফা বৰগয়াৰীক ইউপিপিএল দলৰ পৰা স্থান দিয়া হোৱা নাই ।

আৰু আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত খাম্ফা বৰগয়াৰীক ইউপিপিএল দলৰ পৰা যে টিকট দিব সেয়া মোৰ মনে নকয়। মোৰ মতে বিপিএফ দল এৰি খাম্ফা বৰগয়াৰী ইউপিপিএল দলত যোগদান কৰি নিজৰ ৰাজনৈতিক ভৱিষ্যত ধ্বংস কৰিলে, কিন্তু মই মোৰ ৰাজনৈতিক ভবিষ্যত যাতে ধ্বংস নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মই পুনৰ বিপিএফ দলত যোগদান কৰিলো বুলি মন্তব্য কৰে দিনেশ বসুমতাৰীয়ে ।

গুৱাহাটীত দুৰ্নীতিৰ বিৰু্দ্ধে প্ৰশ্ন কৰি সাংবাদিক দেলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয় যে দুৰ্নীতি সংঘটিত হৈছে নে নাই সেইটো পিছৰ কথা কিন্তু সাংবাদিকে প্ৰশ্ন কৰিবই ! দুৰ্নীতি হলে সবৰে প্ৰশ্ন কৰাৰ অধিকাৰ আছে, সাংবাদিকৰ প্ৰশ্ন কৰাটো আৰু স্পেচিয়েল । তেনেক্ষেত্ৰত সাংবাদিকৰ ওপৰত এনেধৰনৰ একচন লোৱাটো ঠিক হোৱা নাই    মন্তব্য কৰে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে।

হাগ্ৰামা মহিলাৰী