হাগ্ৰামা মহিলাৰী এতিয়া নিজেই অকলশৰীয়া নেতা : উৰ্খাও গৌৰা ব্ৰহ্ম

বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ'বলৈ মাজত এতিয়াও কেইবা মাহ বাকী আছে যদিও বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ ৰাজনৈতিক দলৰ নেতাসকলৰ পৰস্পৰ বিৰোধী বাকযুদ্ধই তীব্ৰ ৰূপ ধাৰণ কৰিছে ।

author-image
Asomiya Pratidin
New Update
হাগ্ৰামা মহিলাৰী এতিয়া নিজেই অকলশৰীয়া নেতা : উৰ্খাও গৌৰা ব্ৰহ্ম

ডিজিটেল সংবাদ, চিৰাং : বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ'বলৈ মাজত এতিয়াও কেইবা মাহ বাকী আছে যদিও বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ ৰাজনৈতিক দলৰ নেতাসকলৰ পৰস্পৰ বিৰোধী বাকযুদ্ধই তীব্ৰ ৰূপ ধাৰণ কৰিছে । শুকুৰবাৰৰ দিনটোত কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএল দল তথা প্ৰমোদ বড়োক সাঙুৰি লৈ যি ৰাজনৈতিক মন্তব্য আগবঢ়াইছিল আজি সেই মন্তব্যৰ প্ৰত্যুত্তৰত হাগ্ৰামা মহিলাৰীক উভতি ধৰে ইউপিপিএল দলৰ উপদেষ্টা তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

Advertisment

তেওঁ কয় যে ২০২০ চনত ইউপিপিএল দলে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু পিছলৈ প্ৰায় পাঁচ বছৰ ধৰি বিটিআৰ শাসন কৰি আছে । তেনেক্ষেত্ৰত ইউপিপিএল দল পূৰ্বতকৈ অধিক শক্তিশালীহে হৈছে সেইটো কথা হাগ্ৰামা মহিলাৰী নিজেও জানে ।

আচলতে হাগ্ৰামা মহিলাৰী এতিয়া নিজেই অকলশৰীয়া হৈ গৈছে । বিপিএফ দলত এতিয়া নেতাৰ অভাৱ হৈ গৈছে, হাগ্ৰামা মহিলাৰীৰ হৈ মাত মাতিবলৈ এতিয়া দলত বিপিএফৰ নেতা নাইকিয়া হৈছে বুলি কটাক্ষ কৰে । তাৰে কেতিয়াবা প্ৰমীলা ৰাণী বাইদেউ দুই এটা মাত মাতে , তাৰ মাজতে দাওৰাও দ্ৰেখেব, প্ৰহ্লাদ বসুমতাৰী, কাষ্টম বসুমতাৰী হতক লৈ এটা টীম বনাই লৈছে ।

কাৰণ বিপিএফ দলৰ যিসকল আচল নেতা তেওঁলোক এতিয়া আৰু বিপিএফ দলত নাই , হাগ্ৰামা সঁচাকৈয়ে অকলশৰীয়া হৈ পৰিছে । আগন্তুক বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰীয়ে বিপিএফ আৰু নিজৰ চিন্তাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব,  তেখেত কাৰোবাৰ পুতলা হৈয়ে নাচিব লাগিব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত মিত্ৰজোঁটৰ অংশীদাৰী দল বিজেপি, বিপিএফ, কংগ্ৰেছ দলে যিমানেই পৃথকে পৃথকে খেলিব , ইউপিপিএল দল সিমানেই লাভৱান হ'ব । আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দলে অকলেই কম কৰি ২২ খন আসন লাভ কৰিব বুলি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই দাবী কৰে ।

শনিবাৰে চিৰাঙৰ ডাংতল আদৰ্শ গাঁৱৰ নিকটৱৰ্তী ভুমেশ্বৰ পাহাৰৰ নামনিত কুঁজিয়া নৈৰ খহনীয়া ৰোধৰ বাবে ভূমি সংৰক্ষণ বিভাগৰ অধীনত প্ৰায় ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই আচঁনিৰ শিলান্যাস কাৰ্য্যসূচীত অংশগ্ৰহণ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে । বিভাগীয় মন্ত্ৰী গৰাকীয়ে প্ৰায় ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই আচঁনিৰ দ্বাৰা ডাংতল ইকো ট্যুৰিজিম এণ্ড পিকনিক স্পট সুৰক্ষিত হ'ব ৷

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই এই আঁচনিৰ পুনৰ সম্প্ৰসাৰণ কৰিব লগা হলে পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে  ৷ চিৰাং জিলাৰ উত্তৰাঞ্চলত বিভাগটোৰ জৰিয়তে ভালে কেইটা আঁচনিৰ ফলপ্ৰসু ৰূপায়ণ হৈছে বুলিও প্ৰকাশ কৰে ৷ অনুষ্ঠানত ভূমি সংৰক্ষণ বিভাগৰ চিৰাং সংমণ্ডল বিষয়া নচিবুৰ ৰহমান, বনাঞ্চলিক বিষয়া এছ আৰ মুছাহাৰী, স্থানীয় ৰাইজৰ লগতে ইউ পি পি এল দলৰ নেতা সকল উপস্থিত থাকে ৷

উৰ্খাও গৌৰা ব্ৰহ্ম chirang