/asomiyapratidin/media/media_files/2025/04/17/M70MGm3dKsndPY1jApTi.jpg)
প্ৰমোদ বড়োৰ সংবাদমেল
ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালাত সংবাদমেল সম্বোধন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ সংবাদমেলত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক কঠোৰ সমালোচনা কৰে প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োৱে উল্লেখ কৰে, "হাগ্ৰামা মহিলাৰী আৰু কেতিয়াও " চীফ " হ'ব নোৱাৰে। বিপিএফে গণতন্ত্ৰৰ এবিচিডি নাজানে। বিটিচিৰ চীফ কোনে হ'ব সেয়া ৰাইজে নিৰ্ধাৰণ কৰিব। মিথ্যাচাৰী বিপিএফে ৰাইজক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা চলাইছে। বিপিএফ দলৰ সোতৰ বছৰীয়া শাসনকালত কেৱল বন্দুক-বাৰুদ, হত্যা-হিংসাৰ সন্ত্ৰাসময় সময় আছিল৷ আমাৰ দিনত শান্তি প্ৰতিষ্ঠা হৈছে , এয়া আমাৰ সফলতা" বুলি সদৰি কৰে প্ৰমোদ বড়োৱে।
প্ৰমোদ বড়োৱে লগতে কয়, "হাগ্ৰামাৰ পাপ মোচন আমি কৰিব লগা হৈছে। দূৰ্নীতিত জড়িত হৈ ধন চপোৱা বিপিএফ নেতাসকলে নিৰ্বাচন খেলিবলৈ এতিয়া মাটি বিক্ৰী কৰি আছে । আড্ডা মাৰিবলৈ সময় পোৱা হাগ্ৰামা মহিলাৰীয়ে সদনত আহিবলৈ সময় নাপায়।"
ইফালে, ৰঞ্জন দৈমাৰীৰ সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োৱে উল্লেখ কৰে, "গোচৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ৷ ৫৪জন কাৰাৰুদ্ধ প্ৰাক্তন এনডিএফবি সদস্য মুকলি হোৱাৰ পথত।"