/asomiyapratidin/media/media_files/2025/07/15/cxcxcx-2025-07-15-21-34-33.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ "বিপিএফৰ ১৭ বছৰীয়া শাসনকালত বিটিচিত ব্যাপক হাৰত দুৰ্নীতি সংঘটিত হৈছিল- এই কথাষাৰ কেৱল প্ৰমোদ বড়োই হে কয়, বিটিচিৰ এয়াৰ ৰাইজৰ কথা নহয়। বিপিএফৰ ১৭ বছৰীয়া শাসনকালত বিটিচিত কোনো দুৰ্নীতি সংঘটিত হোৱা নাই। কাৰণ মোৰ ১৭ বছৰ শাসনকালৰ পিছত ৯ মাহ বিটিচিৰ শাসনভাৰ চলাইছিল ৰাজ্যপালে! যদি মই কোনো দুৰ্নীতি কৰিলোহেঁতেন তেনেহ'লে ৰাজ্যপালে তেতিয়াই মোক ধৰিলেহেঁতেন। কিন্তু মোক ধৰা নাই। মই যে ১৭ বছৰীয়া শাসনকালত কোনো দুৰ্নীতি কৰা নাই সেয়া তেতিয়াই প্ৰমাণ হৈ গ'ল" বুলি দাবী বিটিচি প্ৰাক্তন মুখ্য কাৰ্য্যবাহী তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ।
হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰে যে, "যোৱা পাঁচ বছৰত প্ৰমোদ বড়োৰ দুৰ্নীতিৰ হিচাপ নাই, কৈ শেষ কৰিব নোৱাৰি" বুলি মন্তব্য কৰে। "প্ৰমোদ বড়োৰ ইউপিপিএল দলে আগন্তুক বিটিচি নিৰ্বাচনত ৪০ টা সমষ্টিৰ ভিতৰত যদি ভাগ্য ভাল থাকে ২/৩ টা আসন পাব পাৰে আৰু যদি ভাগ্য বেয়া থাকে তেনেহলে এটাও আসন নেপাব " বুলি কটাক্ষ কৰে।
হাগ্ৰামা মহিলাৰীয়ে লগতে কয় যে, "যোৱা পাঁচ বছৰত বিপিএফ দলে বিজেপি, এআইইউডিএফ, কংগ্ৰেছ আদি কৰি কোনো ৰাজনৈতিক দলৰ লগত মিত্ৰতা নকৰাকৈয়ে অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈ আছে। এইবেলি বিটিচি নিৰ্বাচনত বিপিএফ দলে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হব। আনকি ২০২৬ চনত অনুষ্ঠিত হব লগা বিধানসভা নিৰ্বাচনতো বিপিএফ দলে অকলেই অৱতীৰ্ণ হব" বুলি হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰে।
ইফালে, অহা বিটিচি নিৰ্বাচনত বিপিএফ দলে বিটিআৰৰ কোন জিলাত কিমান আসন লাভ কৰিব কৰা প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে, "ওদালগুৰী জিলাত ১০ সমষ্টিৰ ভিতৰত ৭ টা, তামুলপুৰ জিলাত ৫ সমষ্টিৰ ভিতৰত ৩ টা, বাক্সা জিলাৰ ৫ সমষ্টিৰ ভিতৰত ৫ টা, চিৰাং আৰু কোকৰাঝাৰ জিলাৰ ১৯ সমষ্টিৰ ভিতৰত ১৬ সমষ্টিত জয়লাভ কৰি মুঠ ২৯ টা সমষ্টিত বিজয়ী হৈ চৰকাৰ কৰাটো একপ্ৰকাৰ নিশ্চিত" বুলি দাবী কৰে। মঙলবাৰে, কাজলগাঁৱত চিৰাং জিলা বিপিএফৰ এক দলীয় যোগদান সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এই কথা উল্লেখ কৰে।
আনহাতে, মঙলবাৰে কাজলগাঁৱত দলীয় যোগদান সভাত ওদালগুৰী জিলাৰ পৰা অহা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকে ইউপিপিএল, এআইইউডিএফ, কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিক ভাবে বিপিএফ দলত যোগদান কৰে। যোগদান কাৰ্য্যসূচীৰ পিছত হাগ্ৰামা মহিলাৰীয়ে ইছলাম ধৰ্মৰ আলেম উলেমা সকলৰ সৈতে এক বৈঠকত মিলিত হয়। বিগত কিছুদিন ধৰি হাগ্ৰামা মহিলাৰীয়ে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকলৰ সৈতে ঘনে ঘনে মিলিত হোৱা দেখিবলৈ পোৱা গৈছে। মঙলবাৰৰ যোগদান সভাত বিপিএফ দলৰ উপ-সভাপতি শুদ্ধ বসুমতাৰী, পাৰিষদ পানীৰাম ব্ৰহ্ম, জেমচ বসুমতাৰী আদি কৰি বিপিএফ দলৰ বহু নেতাকৰ্মী উপস্থিত থাকে।