ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ ষড়যন্ত্ৰত হাফলঙত আৰম্ভ এৰী শিল্পৰ মৃত্যুমুখী যাত্ৰা

অসমৰ সকলো ঠাইলৈ এৰী সঁচ যোগান ধৰি আহিছে হাফলঙত থকা এৰী সমাহাৰ কেন্দ্ৰটোৱে। কিন্তু শেহতীয়াকৈ এই এৰী সমাহাৰ কেন্দ্ৰটো দখল কৰিছে হাফলঙৰ হোজাইছা চেণ্ট্ৰেল ৱেলফেয়াৰ কমিটীয়ে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ ষড়যন্ত্ৰত হাফলঙত আৰম্ভ এৰী শিল্পৰ মৃত্যুমুখী যাত্ৰা

ডিজিটেল ডেস্কঃ নানান সমস্যাৰে ভাৰাক্ৰান্ত অসম চৰকাৰৰ অধীনস্থ ৰেছম বিভাগ। বিশ্বজুৰি  অসমৰ পৰিচয় বহন কৰি অহা ৰেছম শিল্পৰ সৈতে জড়িত এই বিভাগটোৰ গুৰুত্ব যদিও অপৰিসীম তথাপিও এই বিভাগটোক আজিও গুৰুত্বহীন কৰি ৰখা হৈছে চৰকাৰী ভাবেই। চৰকাৰৰ এনে গুৰুত্বহীনতাই ৰেছম শিল্পৰ উদ্যোগটোক তিল তিলকৈ মৃত্যুৰ দিশে লৈ গৈছে।

Advertisment

১৪ জুন, ২০২৫ শনিবাৰে অসমীয়া প্ৰতিদিন ডিজিটেলত ডিমা হাছাও জিলাৰ হাফলঙস্থিত ৰেছম বিভাগৰ ভূমি অকৰ্তৃত্বশীলভাৱে কিদৰে ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদে হস্তান্তৰ কৰিছে, বিভাগটোৰ ভূমিত, কৰ্মচাৰীৰ আৱাস গৃহত কিদৰে বেদখল চলিছে আৰু ইয়াৰ সম্পদৰাজি ধ্বংস কৰা হৈছে সেই সন্দৰ্ভত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল। তাৰ পিছতেই এতিয়া বিভাগটোৰ শীৰ্ষতম মহলৰ গাত তৎ আহিছে। 

অকৰ্তৃত্বশীলভাৱে ভূমি হস্তান্তৰৰ সমগ্ৰ বিষয়টোৰ লগতে এৰী পালনৰ বাবে অতি প্ৰয়োজনীয় ২০০ জোপা কেচেৰু বৃক্ষ ধ্বংস, বেদখল আদি সকলো বিষয়ৰ ওপৰত ৪৮ ঘণ্টাৰ ভিতৰত জি পি এছ টেগিং ফটোগ্ৰাফসহ দাখিল কৰিবলৈ বিভাগটোৰ সচিবগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰিছে। কিন্তু সচিবগৰাকীৰ এই নিৰ্দেশনাই যে বিভাগটোৰ সম্পদৰাজিক ৰক্ষা কৰিব পাৰিব সেই বিষয়টোত সন্দেহ প্ৰকাশ কৰিছে বহুজনে। 

উল্লেখ্য যে, ৰেছম বিভাগৰ একাংশ কৰ্মচাৰীৰ ভাষ্য অনুসৰি অসম চৰকাৰৰ অধীনস্থ আটাইকেইটা বিভাগৰ ভিতৰত ভূ-সম্পত্তিৰে আটাইতকৈ চহকী ৰেছম বিভাগ। ৰেছম শিল্পৰ আছে ঐতিহাসিক গুৰুত্ব, আছে ইয়াৰ বিশ্বজুৰি সমাদৰ। বিজ্ঞানে এৰী সূতাৰ কাপোৰক মানৱ দেহৰ বাবে সৰ্বোত্তম বুলি স্বীকৃতি দিছে। 

ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ ষড়যন্ত্ৰত হাফলঙত আৰম্ভ এৰী শিল্পৰ মৃত্যুমুখী যাত্ৰা
কেচৰু বৃক্ষৰ পাত খাদ্য এৰী পলুৰ

 

সেয়ে এৰী সূতাৰ বিষয়ে বিশ্বজুৰি চৰ্চা বৃদ্ধিৰ সমান্তৰালকৈ ইয়াৰ চাহিদাও বৃদ্ধি পাইছে। সেই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিভিন্ন জিলাত এৰী পালনৰ লগতে এৰী সূতাৰ উৎপাদন প্ৰক্ৰিয়াও বৃদ্ধি পাইছে। স্বাৱলম্বী হৈছে বহু এৰী পালক।

এইসকলো ঠাইলৈ এৰীৰ সঁচ যোগান ধৰি আহিছে হাফলঙত থকা এৰী সমাহাৰ কেন্দ্ৰটোৰ পৰা। কিন্তু শেহতীয়াকৈ এই এৰী সমাহাৰ কেন্দ্ৰটো দখল কৰিছে হাফলঙৰ হোজাইছা চেণ্ট্ৰেল ৱেলফেয়াৰ কমিটীয়ে। এই এৰী সমাহাৰ কেন্দ্ৰটো তেওঁলোকৰ দখললৈ নি ইয়াত থকা এৰীৰ সঁচ, এৰী পলুৰ প্ৰজননৰ বাবে প্ৰয়োজন হোৱা ডলা, ৰেয়াৰিং ষ্টেণ্ডকে ধৰি সকলো বাহিৰলৈ উলিয়াই দিয়া হৈছে।

এইটোৱেই হাফলঙৰ এৰী সমাহাৰ কেন্দ্ৰ। যাৰ ওপৰত নিৰ্ভৰশীল অসমৰ এৰী শিল্পৰ ভৱিষ্যত। এতিয়া এইটো দখল কৰিলে হোজাইছা চেণ্ট্ৰেল ৱেলফেয়াৰ কমিটীয়ে
এইটোৱেই হাফলঙৰ এৰী সমাহাৰ কেন্দ্ৰ। যাৰ ওপৰত নিৰ্ভৰশীল অসমৰ এৰী শিল্পৰ ভৱিষ্যত। এতিয়া এইটো দখল কৰিলে হোজাইছা চেণ্ট্ৰেল ৱেলফেয়াৰ কমিটীয়ে

 

ফলত বিভিন্ন এৰী পামৰ পৰা ইয়ালৈ অহা এৰী লেটা তথা সঁচসমূহ এতিয়া পামসমূহতেই পৰি আছে। এই সঁচসমূহৰ অধিকাংশই ইতিমধ্যে সম্পূৰ্ণ ৰূপে নষ্ট হৈ পৰিছে। ফলত অসমৰ এৰী পালনৰ ভৱিষ্যতেই অন্ধকাৰলৈ গতি কৰিছে। কিয়নো প্ৰাকৃতিকভাৱে ডিমা হাছাও জিলা এৰী পালনৰ বাবে অতি উপযোগী হোৱাৰ লগতে ইয়াৰ সঁচসমূহো যথেষ্ট উন্নতমানৰ।

সেয়ে ইয়াৰ পৰাই সমগ্ৰ অসমলৈ এৰীৰ সঁচ প্ৰেৰণ কৰা হয়। কিন্তু এতিয়া ইয়াৰ এৰী সমাহাৰ কেন্দ্ৰটো হোজাইছা চেণ্ট্ৰেল ৱেলফেয়াৰ কমিটীয়ে দখল কৰাত এৰীৰ প্ৰজন্ন প্ৰক্ৰিয়া একপ্ৰকাৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ নষ্ট হৈ পৰিছে। কাটি পেলোৱা হৈছে ইয়াত থকা এৰী পলুৰ খাদ্য হিচাপে পৰিচিত ২০০ জোপা কেচুৰ বৃক্ষ। 

দখল কৰিলে এৰী সমাহাৰ কেন্দ্ৰ, সেয়ে এতিয়া এইদৰেই নষ্ট হৈ গৈছে এৰী পলুৰ সঁচ
দখল কৰিলে এৰী সমাহাৰ কেন্দ্ৰ, সেয়ে এতিয়া এইদৰেই নষ্ট হৈ গৈছে এৰী পলুৰ সঁচ

 

মন কৰিবলগীয়া যে, ডিমা হাছাও জিলাৰ হাফলঙৰ মাজমজিয়াত থকা ১৯৬২ চনতে নিৰ্মাণ কৰা ৰেছম বিভাগৰ অধীক্ষকৰ কাৰ্যালয়টোও ভাঙি পেলোৱাৰ প্ৰস্তুতি চলিছে। এই কাৰ্যালয়ৰ ভূমিও স্থায়ী ক'ৰ্ট আৰু জুডিছিয়েল অফিচাৰৰ কোৱাৰ্টাৰ নিৰ্মাণৰ বাবে হস্তান্তৰ কৰা হৈছে।

তথ্য অনুসৰি ২০ ডিচেম্বৰ ২০২৪ ত ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ অতিৰিক্ত সচিব আৰু ছেটেলমেণ্ট অফিচাৰৰ দ্বাৰা স্বাক্ষৰিত S.CASE NO.24(H-A)2023-2024 ৰ জৰিয়তে হাফলঙৰ হোজাইছা চেণ্ট্ৰেল ৱেলফেয়াৰ কমিটীলৈ বিপিএল ষ্টুডেণ্ট হোষ্টেল নিৰ্মাণৰ বাবে এৰী সমাহাৰ কেন্দ্ৰটোৰ ১৩ কথা ভূমি আৰু ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ ছেটেলমেণ্ট এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে NO.REV/S/4-Allot/2025-2026/ ৰ জৰিয়তে স্থায়ী ক’ৰ্ট বিল্ডিং আৰু জুডিছিয়েল অফিচাৰৰ কোৱাৰ্টাৰ নিৰ্মাণৰ বাবেও ১ বিঘা ৫ কথা ভূমি অকৰ্তৃত্বশীলভাৱে হস্তান্তৰ কৰা হৈছে।

হাফলঙত ৰেছম বিভাগৰ ভূমি অবৈধ হস্তান্তৰ, বেদখলঃ আপুৰুগীয়া সম্পদৰ ধ্বংসযজ্ঞ ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ

হাফলঙত ৰেছম বিভাগৰ ভূমি অবৈধ হস্তান্তৰ, বেদখলঃ আপুৰুগীয়া সম্পদৰ ধ্বংসযজ্ঞ ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ

ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদে এইদৰে অকৰ্তৃত্বশীলভাৱে ৰেছম বিভাগৰ ভূমিৰ হস্তান্তৰ তথা সম্পদৰাজি ধ্বংসৰ মূলতে হৈছে বিভাগটোৰ গুৰুত্বহীনতা। কিয়নো সমগ্ৰ অসমত ৰেছম বিভাগৰ অতিৰিক্ত সঞ্চালকৰ পদ আছে চাৰিটা। এই চাৰিওটা পদৰে আছে যথেষ্ট গুৰুত্ব আৰু দায়িত্ব। 

কিন্তু বছৰ বছৰ ধৰি বিভাগটোত খালী হৈ আছে অতিৰিক্ত সঞ্চালক আৰু সহকাৰী ৰেছম সঞ্চালক আদিৰ পদ। ডিমা হাছাও জিলাৰ ৰেছম বিভাগৰ কাৰ্যালয়ৰ অধীক্ষক উত্তম কুমাৰ নাথে ২০২৪ চনৰ ফেব্ৰুৱাৰীত পদোন্নতি লাভ কৰাৰ পিছৰে পৰা সেই পদো খালী হৈ আছে।  

সেই পদত পিছত স্থানীয় ভাৱে এজন কৰ্মচাৰীক দায়িত্ব প্ৰদান কৰি কাৰ্যালয় চলাই আহিছে যদিও তাৰেই সুযোগ গ্ৰহণ কৰিছে ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদে। নামি পৰিছে ইয়াৰ ভূমি আৰু সম্পদৰাজিৰ ধ্বংসযজ্ঞত।  

হাফলং ৰেছম বিভাগ
১৯৬২ চনতে নিৰ্মাণ হৈছিল ৰেছম বিভাগৰ ডিমা হাছাও জিলাৰ এই অধীক্ষকৰ কাৰ্যালয়টো। হয়তো খুব সোনকালেই হৈ পৰিব অতীত ! কাৰ্যালয়

 

উল্লেখ্য যে, ২০০৮ চনত তদানীন্তন জিলা উপায়ুক্ত অনিল বৰুৱা, বিভাগীয় বিষয়া মইনুল হক চৌধুৰী আৰু নিলোৎপল বুঢ়াগোঁহাইৰ তৎপৰতাত হাফলঙৰ চৰকাৰী বাগান (ৰেছম পাম)ত চলা অবৈধ ভূমি বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাইছিল। পিছে পৰৱৰ্তী সময়ত পুনৰ সেই ভূমিত অবৈধ বেদখল তীব্ৰতৰ হৈ পৰে।

তাৰোপৰি বিভাগটোৰ কৰ্মচাৰীৰ বাবে যিসমূহ আৱাসগৃহ আছে তাতো চলিছে ভয়, ভাবুকিৰে অবৈধ বেদখল। অনাকাংক্ষিত অঘটনৰ আশংকাতে ইয়াৰ বিৰুদ্ধে মুকলিকৈ মুখ খুলিব নোৱাৰিলেও তেনে বহু কেইটা অভিযোগ আমাৰ হাতত পৰিছে। 

এই সকলো বিষয় সামৰি ইতিমধ্যে প্ৰকাশিত বাতৰিৰ পিছতে বিভাগৰ শীৰ্ষ মহলত জোকাৰণিৰ সৃষ্টি হৈছে। এই বাতৰিৰ পিছতে আকৌ সদৌ অসম ৰেছম বিষয়া সন্থাই ১৬ জুলাই সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদে ৰেছম বিভাগটোৰ ভূমি অধিগ্ৰহণ কৰাৰ বিষয়টো অৱগত কৰাৰ লগতে হাফলঙত থকা ৰেছম বিভাগৰ কাৰ্যালয় আৰু ইয়াৰ সম্পদৰাজিৰ গুৰুত্ব সম্পৰ্কেও উল্লেখ কৰিছে। 

সমগ্ৰ বিষয় সামৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ সদৌ অসম ৰেছম বিষয়া সন্থাৰ
সমগ্ৰ বিষয় সামৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ সদৌ অসম ৰেছম বিষয়া সন্থাৰ

 

সদৌ অসম ৰেছম বিষয়া সন্থাৰ সভাপতি ড০ দীপক নাথ, সাধাৰণ সম্পাদক শুকদেৱ নাথৰ দ্বাৰা স্বাক্ষৰিত এই পত্ৰৰ জৰিয়তে বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তাৎক্ষণিক হস্তক্ষেপ বিচৰা হৈছে। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ অবিহনে ৰেছম শিল্পক এইদৰে ধ্বংসৰ দিশলৈ লৈ যোৱা চক্ৰটোক যে বাধা প্ৰদান কৰাটো অসম্ভৱ সেই কথাও একাংশ কৰ্মচাৰীয়ে স্বীকাৰ কৰিছে।

মন কৰিবলগীয়া যে, হাফলঙৰ ৰেছম বিভাগৰ কাৰ্যালয়ৰ ঠিক কাষতে আছে জিলা আয়ুক্তৰ কাৰ্যালয়। এই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ ভিতৰতো বহু ভূমি আছে। অভিযোগ অনুসৰি জিলা আযুক্ত কাৰ্যালয়ৰ সেই ভূমিৰ এটা অংশ এগৰাকী অতিৰিক্ত আয়ুক্ত আৰু প্ৰায় ডেৰ বিঘা ভূমি জিলা আয়ুক্তগৰাকীৰে ৰান্ধনি আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে বেদখল কৰি ৰাখিছে।

হাফলঙত ৰেছম বিভাগৰ ভূমি অবৈধ হস্তান্তৰ, বেদখলঃ আপুৰুগীয়া সম্পদৰ ধ্বংসযজ্ঞ ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ
এৰি পালনৰ বাবে প্ৰয়োজনী কেচৰু বৃক্ষ কাটি সেই স্থানত অন্য নিৰ্মাণ কাৰ্যৰ বাবে চলিছে প্ৰস্তুতি

 

অসমৰ ৰেছম শিল্পৰ বৃহত্তৰ স্বাৰ্থত ৰেছম বিভাগৰ কাৰ্যালয়, এৰী পলুৰ প্ৰজননৰ বাবে ব্যৱহৃত অতি গুৰুত্বপূৰ্ণ সমাহাৰা কেন্দ্ৰটোৰ পৰিৱৰ্তে ইচ্ছা কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদতে বেদখলৰ কৱলত পৰা সেই ভূমিতো চৰকাৰী নীতি নিয়মৰ মাজেৰে স্থায়ী ক'ৰ্ট তথা বি পি এল হোষ্টেল আদি নিৰ্মাণৰ কথা চিন্তা কৰিব পাৰে বুলিও একাংশ লোকে মত ব্যক্ত কৰিছে। অৱশ্যে ইয়াৰ বাবে প্ৰয়োজন হ'ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ। অন্যথা ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদে যি অকৰ্তৃত্বশীলভাৱে ভূমি হস্তান্তৰৰ অভিযানত নামি পৰিছে সেই অভিযানত যে হাফলঙৰ ৰেছম বিভাগ সম্পূৰ্ণৰূপে ধ্বংস হৈ নপৰিব তাৰ কোনো নিশ্চয়তা নাথাকিব। 

 

ৰেচম শিল্প ডিমা হাছাও হাফলং